শংখ, তাল, কাহী বজাই কৃতজ্ঞতা প্ৰদৰ্শন কৰিলে সমূহ জনতাই

0 295

আজি দেশজুৰি সকলোৱে সমৰ্থন কৰিলে জনতাৰ সান্ধ্য আইন তথা ‘জনতা কাৰ্ফিউ’ । বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে থিয় দিয়াৰ লগতে ভাইৰাছবিধৰ বিৰুদ্ধে সজাগতা আৰু সংক্ৰমণ ৰোধৰ উদ্দেশ্যে যোৱা ১৯মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল জনতা কাৰ্ফিউৰ ।
 
আজিৰ দিনটো পুৱা ৭বজাৰ পৰা নিশা ৯বজালৈ দেশৰ সকলো জনতাক জনতাৰ সান্ধ্য মানিবলৈ আহ্বান জনাইছিল । এই জনতাৰ সান্ধ্য আইনৰ প্ৰতি সমৰ্থন জনাইছে দেশৰ লগতে ৰাজ্যবাসীও । আজিৰ দিনটোত প্ৰায় জনশূন্য হৈ পৰিছিল ৰাজ্যৰ প্ৰায় সকলো অঞ্চল । দেশৰ প্ৰধানমন্ত্ৰীয়ে আহ্বানমৰ্মে ৰবিবাৰে বিয়লি ৫ বজাত সকলোৱে হাততালি,তাল,কাহি-বাতি আদি বজায় কৰ্তব্যৰত চিকিৎসক,নাৰ্চ, চাফাইকৰ্মী, সংবাদ মাধ্যম, প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.