শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ল সংগীত প্ৰবাহ অনুষ্ঠান

0 162

২৭ নৱেম্বৰ দেওবাৰে সন্ধিয়া গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সত্ৰীয়া আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা চৰকাৰী পঞ্জীয়নভুক্ত শিক্ষানুষ্ঠান অনুষা কলা কেন্দ্ৰৰ পঞ্চদশ বৰ্ষপূৰ্তি উদ্‌যাপনৰ লগত সংগতি ৰাখি এক মনোৰম সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ছয়মাইলস্থিত এই নৃত্যাশিক্ষানুষ্ঠান খনৰ পঞ্চদশ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক সত্ৰীয়া অনুষ্ঠান সংগীত প্ৰবাহত অনুষা কলা কেন্দ্ৰৰ অধ্যক্ষা গায়ত্ৰী কোঁৱৰৰ তত্ত্বাৱধানত কেন্দ্ৰটোৰ শিল্পী সকলে খোল- বাদন,গুৰু বন্দনা,ঝুমুৰা,চালি নাচ,মাটি -আখৰা,শ্যামন্ত হৰণ,ঝুমুৰা আৰু গীতৰ নাচ,ভোৰতাল নৃত্য আদি পৰিবেশন কৰে৷এই অনুষ্ঠানৰ আৰম্ভণিতে অনুষা কলা কেন্দ্ৰ আৰু সংগীত সত্ৰৰ শিক্ষাৰ্থীসকলে অৰুণাভ জ্যোতি মালাকাৰৰ নেতৃত্বত খোল বাদনৰে মঞ্চ মুকলি কৰে৷

সংগীত প্ৰবাহ অনুষ্ঠানটি উদ্ধোধন কৰি পদ্মশ্ৰী বঁটা প্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷
অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে গুৰু হৰিচৰণ ভূঞা,কথক নৃত্যৰ গুৰু বিপুল দাস,যশস্বী নৃত্যশিল্পী অনিতা শৰ্মা,সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত সত্ৰীয়া নৃত্যশিল্পী ৰঞ্জুমণি শইকীয়া,গুৰু ৰিঞ্জুমণি শইকীয়া,গুৰু গোপাল চন্দ্ৰ বৰদলৈ,গুৰু সবিতা শইকীয়া ,অভিনেত্ৰী মাধুৰীমা চৌধুৰী,আদি
সত্ৰীয়া সংস্কৃতিৰ সাধক বহুকেইগৰাকী যশস্বী ব্যক্তি উপস্থিত থকাৰ লগতে মঞ্জু কোঁৱৰ,মাই শইকীয়া আদি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকি অনুষা কলা কেন্দ্ৰৰ শিল্পী আৰু কলা কুশলীক আশীৰ্বাদ প্ৰদান কৰে৷গুৰুদুজনাৰ অনুপম সৃষ্টিৰাজিৰ সাধনা -চৰ্চা আৰু প্ৰসাৰৰ বাবে অহৰহ প্ৰচেষ্টা কৰি অহা অনুষা কলা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ অনুষ্ঠান পৰিবেশনক উপস্থিত দৰ্শক-ৰাইজে ভূয়সী প্ৰশংসা কৰে৷

Leave A Reply

Your email address will not be published.