অৱশেষত উকণ্ঠাৰ অন্ত পৰিল। আজি মুকলি হ’ল শৰাইঘাটৰ দ্বিতীয় খন দলং। উল্লেখযোগ্য যে আজি এই দলংখন উদ্বোধন কৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাদকাৰীয়ে। উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে পথ উন্নয়নৰ বাবে ১ লাখ কোটি টকা আগবঢ়োৱাৰ লগতে অসমত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ লগতে ৫খন নতুন দলং নিৰ্মাণৰ কথা ঘোষণা কৰে। জলপথক সুচলৰূপে গঢ়ি তোলাৰ কথা ব্যক্ত কৰে। স্মৰ্তব্য যে ২০০৭ চনতে নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা এই দলং খনৰ দৈৰ্ঘ্য প্ৰায় ডেৰ কিলো মিটাৰ। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমুহ ৰাইজৰ সহযোগিতাৰ বাবে আহ্বান জনায়। ৫ বছৰৰ ভিতৰত কাম সমুহ কাৰ্য্যকৰী কৰাৰ কথা উল্লেখ কৰে। বীৰ লাচিত আৰু বাঘ হাজৰিকাক স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সময় মতে কাম কৰাতো যোগ্যতাৰ প্ৰতিছবি। ইতিমধ্যে ১৬ টা বিশেষজ্ঞ দলক কামৰ চোৱা চিতাৰ দায়িত্ব দিয়াৰ কথা উল্লেখ কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজেন গোহাঁই, চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত আছিল। আশা কৰা হৈছে শৰাইঘাটৰ দ্বিতীয়খন দলঙে যান যঁটৰ সমস্যা দুৰ কৰাত কিছু হ’লেও সকাহ যোগাৱ।
Trending
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’

সচাকৈ আমি আনন্দিত হৈছো ,অসমৰ ৰাইজে শৰাইঘাট ৰ যান যটৰ পৰা পৰিত্ৰাণ পাব, ধন্য অসম চৰকাৰ
শৰাইঘাটৰ দ্বিতীয় খন দলং মুকলি কৰাত অসম চৰকাৰক শলাগ লৈছোঁ ।
Waited so long for this..terribly faced traffic problems for this…so much of time consumed at the traffic of life…such a relief!
Good job.