অৱশেষত উকণ্ঠাৰ অন্ত পৰিল। আজি মুকলি হ’ল শৰাইঘাটৰ দ্বিতীয় খন দলং। উল্লেখযোগ্য যে আজি এই দলংখন উদ্বোধন কৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাদকাৰীয়ে। উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে পথ উন্নয়নৰ বাবে ১ লাখ কোটি টকা আগবঢ়োৱাৰ লগতে অসমত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ লগতে ৫খন নতুন দলং নিৰ্মাণৰ কথা ঘোষণা কৰে। জলপথক সুচলৰূপে গঢ়ি তোলাৰ কথা ব্যক্ত কৰে। স্মৰ্তব্য যে ২০০৭ চনতে নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা এই দলং খনৰ দৈৰ্ঘ্য প্ৰায় ডেৰ কিলো মিটাৰ। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমুহ ৰাইজৰ সহযোগিতাৰ বাবে আহ্বান জনায়। ৫ বছৰৰ ভিতৰত কাম সমুহ কাৰ্য্যকৰী কৰাৰ কথা উল্লেখ কৰে। বীৰ লাচিত আৰু বাঘ হাজৰিকাক স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সময় মতে কাম কৰাতো যোগ্যতাৰ প্ৰতিছবি। ইতিমধ্যে ১৬ টা বিশেষজ্ঞ দলক কামৰ চোৱা চিতাৰ দায়িত্ব দিয়াৰ কথা উল্লেখ কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজেন গোহাঁই, চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত আছিল। আশা কৰা হৈছে শৰাইঘাটৰ দ্বিতীয়খন দলঙে যান যঁটৰ সমস্যা দুৰ কৰাত কিছু হ’লেও সকাহ যোগাৱ।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী

সচাকৈ আমি আনন্দিত হৈছো ,অসমৰ ৰাইজে শৰাইঘাট ৰ যান যটৰ পৰা পৰিত্ৰাণ পাব, ধন্য অসম চৰকাৰ
শৰাইঘাটৰ দ্বিতীয় খন দলং মুকলি কৰাত অসম চৰকাৰক শলাগ লৈছোঁ ।
Waited so long for this..terribly faced traffic problems for this…so much of time consumed at the traffic of life…such a relief!
Good job.