সংস্কাৰ ভাৰতী মহানগৰ জিলা আৰু সাংস্কৃতিক গোষ্ঠীৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় গীত, ৰাষ্ট্ৰীয় সংগীত, দেশপ্ৰেমমূলক গীত, নৃত্য , কথা কবিতাৰে স্বাধীনতা দিৱস উদযাপন

0 215

সংস্কাৰ ভাৰতী মহানগৰ জিলা আৰু সাংস্কৃতিক গোষ্ঠীৰ যৌথ উদ্যোগত ১৫ আগষ্টত গুৱাহাটীৰ নাৰিকলবাৰিৰ লক্ষীপ্ৰিয়া দেৱী বৰুৱানী শিশু উদ্যানৰ প্ৰেক্ষাগৃহত অতি উলহ মালহেৰে বিভিন্ন দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সভাত সংস্কাৰ ভাৰতী, কামৰূপ মহানগৰৰ সভাপতি ৰুমী ভূঞা আৰু সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তুলিকা বৰুৱাই বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তাৰ পাছত সাংস্কৃতিক গোষ্ঠীৰ সদস্য আৰু সংস্কাৰ ভাৰতীৰ কামৰূপ মহানগৰৰ সদস্য সকলে ৰাষ্ট্ৰীয় গীত পৰিবেশন কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাংবাদিক পৰিষদৰ সাধাৰণ সম্পাদক মনোজ ডেকা আৰু সাহিত্যিক দেৱৰাজ কলিতাই ভাগ লৈ স্বাধীনতা দিৱসৰ দিনটোৰ তাৎপৰ্য দাঙি ধৰে। অনুষ্ঠানত স্বাধীনতা আন্দোলনত জপিয়াই পৰা অসমৰ মুক্তিযুজাৰুৰ দুটা পৰিয়ালক সম্বৰ্ধনাৰে সন্মান জনোৱা হয়। পৰিয়াল দুটা হল ক্ৰমে প্ৰয়াত লক্ষ্মীদেৱ বৰ্মন আৰু খগেন্দ্ৰ নাথ পাঠক। অনুষ্ঠানত তেওঁলোকৰ জেষ্ঠ পুত্ৰ বদন দেৱ বৰ্মন আৰু ৰমেন্দ্ৰ নাথ পাঠকে এই সন্মান গ্ৰহণ কৰে। সংস্কাৰ ভাৰতী মহানগৰ জিলা আৰু সাংস্কৃতিক গোষ্ঠীৰ যৌথ উদ্যোগত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সদৌ অসম ভিত্তিত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে সাংস্কৃতিক গোষ্ঠীৰ ঘোষিকা বন্দনা বৰুৱাই পৰিচালনা কৰা অনুষ্ঠানৰ শেষত সংস্কাৰ ভাৰতী, কামৰূপ মহানগৰৰ সভানেত্ৰী ৰুমী ভূঞা আৰু সাংস্কৃতিক গোষ্ঠীৰ সভানেত্ৰী তুলিকা বৰুৱাই চমুকৈ ভাষণ প্ৰদান কৰে। জাতীয় সংগীতৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

Leave A Reply

Your email address will not be published.