মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰধান বংশ সদৌ কমান অপৃন কৌবাংৰ উদ্যোগত দেওবাৰে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয় । হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ মুঠ ৫৬ গৰাকী ছাত্ৰ ছাত্ৰীক কমান অপৃনৰ তৰফৰ পৰা এই সম্বৰ্ধনা জনোৱা হয় । এই সন্দৰ্ভত সদৌ কমান অপৃন কৌবাংৰ উদ্যোগত দেওবাৰে ধেমাজি জিলাৰ গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় অষ্টম বাৰ্ষিক কেন্দ্ৰীয় সম্বৰ্ধনা অনুষ্ঠান। পুৱা কমান অপৃনৰ সভাপতি নন্দেশ্বৰ কমানৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক চিদানন্দ কমানে । বিশিষ্ট কৃষি অভিযন্তা বেঞ্জামিন কমানৰ মনোজ্ঞ আদৰণি ভাষনেৰে শুভাৰম্ভ হোৱা সম্বৰ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাবে মিচিং শব্দ কোষৰ সহকাৰী সম্পাদক জয়ন্ত কমানে বক্তব্য ৰাখি কমান অপৃনৰ ভৱিষ্যতৰ সোপান স্বৰূপ মেধাবী শিক্ষাৰ্থী সকলৰ শৈক্ষিক উত্তৰণৰ সফল যাত্ৰাক উদগনি যোগাবৰ বাবে প্ৰদান কৰা এই সম্বৰ্ধনা অনাগত সময়ৰ ভবিষ্যত প্ৰজন্মই যাতে আদৰ্শ হিচাবে গ্ৰহণ কৰিব পাৰে তাৰ বাবে নিজকে একো একোজন উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ়ি তুলিবলৈ আহ্বান জনায়। সভাত মুখ্য অতিথি হিচাবে সাংবাদিক অমৃত পৱন বৰাই বক্তব্য আগবঢ়াই আত্ম প্ৰতিষ্ঠাৰ কঠোৰ শৈক্ষিক যাত্ৰাত সফলতা আৰ্জিবলৈ সহজ লভ্য আৰু চমু পথ নাই বুলি উল্লেখ কৰি কঠোৰ শ্ৰম ,সাধনা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিলে ইস্পিত সুফল লাভ কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। বৰাই স্বগোষ্ঠীয় লোক কৃষ্টি সংস্কৃতি , ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনৰ বাবেও নৱ প্ৰজন্মৰ ওপৰত গুৰু দায়িত্ব আছে বুলি উল্লেখ কৰি বৃত্তিমুখী শিক্ষাতকৈ সমাজ দায়বদ্ধ শিক্ষাৰে শিক্ষিত হৈ সমাজ সভ্যতাত উৎকৃষ্ট মানৱ সম্পদ হিচাবে পৰিচিত হোৱাৰ বাবে মনোনিবেশ কৰাৰ আহ্বান জনাই সম্বৰ্ধিত শিক্ষাৰ্থী সকলক। কমান অপৃনৰ গৰিষ্ঠ সংখ্যক বিষয় ববীয়া আৰু কৰ্মকর্তা ,অভিভাৱক আৰু শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব প্রদর্শনৰে উত্তীৰ্ণ হোৱা মুঠ ৩০ গৰাকী ,উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মুঠ ২৬ গৰাকী শিক্ষাৰ্থীক জনগোষ্ঠীয় গামোচা , স্মাৰক আৰু নগদ ধনেৰে সম্বৰ্ধনা জনাই বিদ্যায়তনিক সফল জীৱনৰ কামনা কৰা হয় আৰু অপৃনৰ শৈক্ষিক বঁটাৰ দাতা সকলকো সম্বৰ্ধনা জনোৱা হয়।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন