সপ্তমখন সপ্তাহিক কেবিনেটত কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে

0 159

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মা দেৱৰ অধ্যক্ষতাত আজি অসম চৰকাৰৰ সপ্তম খন সপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়।
আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়,সেই সমূহ হ`ল:-
★.আৰক্ষী কনিষ্টবলৰ পৰা শীৰ্ষ বিষয়ালৈকে পৰিয়ালৰ ওচৰলৈ যাবলৈ এমাহৰ বাধ্যতামূলক ছুটি।পৰিয়ালৰ লগত কোৱাৰ্টাৰত থকা বা ওচৰত থকা বিষয়াসকলক দহ দিনৰ ছুটি দিয়া হ’ব৷
★.সমবায় দোকান সুলভমূল্যৰ দোকানৰ ব্যৱসায়ী সকলক পূৰ্বৰ প্ৰতি কুইণ্টলত এশ টকা দহ পইচাৰ সলনি ১৪৩ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে ৮৬০ খন সমবায় সমিতিক বছৰত পাঁচ লাখ টকাৰ মঞ্জুৰি দিয়া হ’ব৷
★.এফ চি আইৰ সামগ্ৰী সমূহৰ পৰিবহনৰ ঠিকা স্থানীয় সমবায় সমিতিক দিয়াৰ বাবে জিলা উপায়ুক্ত সকলক জনোৱা হ’ব৷
★.আজিৰ কেবিনেটে জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকা দেৱক কেবিনেট মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে পদ্ম হাজৰিকা দেৱৰ নেতৃত্বত ছিপাঝাৰৰ গৰুখুটিৰ ৭৭ হাজাৰ বিঘা মাতিত খেতি কৰাত কেবিনেটৰ অনুমোদন৷
★.আজিৰ কেবিনেটে তথ্য আৰু প্ৰযুক্তি বিভাগক ছাত্ৰ ছাত্ৰী সকলে অনলাইন ক্লাছ সুচাৰু ৰূপে চলাই নিবলৈ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ৰাজ্যত অধিক ম’বাইল ফোনৰ টাৱাৰ স্থাপনৰ নিৰ্দেশ প্ৰদান কৰে।যাতে ছাত্ৰ-ছাত্ৰীয়ে ম’বাইলত নেটৱৰ্ক পাই আৰু অনলাইন ক্লাছ কৰিব পাৰে।
★.কেবিনেটত লোৱা সিদ্ধান্তবোৰ বিভাগসমূহে কাৰ্যকৰী কৰিছেনে নাই তাক পৰ্যালোচনা কৰিবলৈ তিনিজনীয়া মন্ত্ৰীৰ কমিটী গঠন কৰা হৈছে। তিনিজনীয়া কমিটীত থাকিব জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ,কৃষি মন্ত্ৰী অতুল বৰা আৰু শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগু৷

Leave A Reply

Your email address will not be published.