আজিৰে পৰা আৰম্ভ হ’ল এটা নতুন বছৰ।নতুন বছৰৰ নতুন দিনৰ প্ৰাৰম্ভণিতে আপোনাক জনালো বহু শুভকামনা।নৱবৰ্ষই কঢ়িয়াই আনক সুখ,শান্তি আৰু আশাৰ বতৰা।আচলতে আমি আশাক লৈ জীয়াও,আশাক লৈ জীৱনৰ গান গাও,আশাতেই জীৱনৰ প্ৰতিচ্ছবি আকো।সেয়েহে শিল্পী জুবিনৰ কণ্ঠতো প্ৰতিধ্বনিত হয় এনে গান -যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে,যদি আশাৰ চাকিটি উমি উমি জ্বলে,তথাপি বন্ধু আগুৱাই যাবা,পাছলৈ ঘূৰি নাচাবা।গানটো যদি ভালকৈ মন দি শুনে এইটো কথা স্পষ্টভাৱে প্ৰকাশ হয় যে সংগ্ৰামৰ শেষ নাই,আশায়ে প্ৰাণত সঞ্চাৰ যোগায়।নতুন চিন্তাৰ খোৰাক যোগায়।এইখিনিতে এটা ভাল খবৰ জনাবলৈ লৈছো । এই অনুুুষ্ঠানটো ২০২০ চনৰ ডিচেম্বৰ মাহৰ মাজৰ ভাগত অনুষ্ঠিত হ’ব।ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পৰিবেশ আৰু বতৰ সম্পৰ্কীয় কৰ্মশালা।জানিব পৰা মতে কৰ্মশালাখনত ২৫ খন ৰাজ্যৰ ৯৩১০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।গুৰুত্বপূৰ্ণ কথা হ’ল এয়ে যে ইয়াৰ জৰিয়তে বৃক্ষ ৰোপন,বৃক্ষ সংৰক্ষণৰ প্ৰশিক্ষণ প্ৰদান কৰিব।আশা কৰা হৈছে প্ৰকৃতি সুৰক্ষাৰ হকে নৱপ্ৰজন্মই পূৰ্বৰ তুলনাত অধিক আগ্ৰহী হৈ উঠিব।প্লাষ্টিক প্ৰদুষণ ৰোধ কৰা,বৰষুণৰ পানী সংৰক্ষণ কৰা আৰু দেশৰ তথা সমাজৰ উন্নয়নত মনোনিবেশ কৰাটো প্ৰত্যেকজন অসমীয়াৰ কতৰ্ব্য।সদৌ শেষত পুনৰবাৰ সকলোকে এন ই ফ’কাচ ডট কম ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালো । আগন্তুক দিনত আৰ্শীবাদ আৰু সহযোগিতা কামনা কৰিলো । ধন্যবাদেৰে সংগীতা শইকীয়া সম্পাদক
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
Happy new year dear sister