সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ

0 46

অৱশেষত সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ নতুন দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছৰ চলাচল আৰম্ভ হৈছে । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্চল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ২৫ জুনৰ পৰা ১২৪২৩/১২৪২৪ ডিব্রুগড় নতুন দিল্লী – ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছখন সম্পূৰ্ণৰূপে বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল আৰম্ভ হৈছে।।ইলেকট্রি ট্রাকশ্যনৰ জৰিয়তে চলাচল আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ কাৰ্বন নির্গমন হ্ৰাসৰ লক্ষ্যৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত হৈছে । ইয়াৰ ফলত ৰেলৰ অপাৰেশ্যনেল কার্যক্ষমতা বৃদ্ধি, যাত্রাৰ সময় আৰু ব্যয় হ্রাস হব । জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰা অনুসৰি নগাঁও জিলাৰ শিলঘাট টাউন ৰেল ষ্টেচনলৈ বৈদ্যুতিক সেৱাৰ কাম সম্পূৰ্ণ হৈছে। অহা ৩০ জুনৰ পৰা শিলঘাট – কলকাতা এক্সপ্ৰেছ বিদ্যুৎচালিত ব্যৱস্থাৰে চলাচল আৰম্ভ কৰিব। তাৰ পাছত বিদ্যুৎচালিত ব্যৱস্থাৰে পহিলা জুলাইৰ পৰা হাওড়া – গুৱাহাটী শৰাইঘাট এক্সপ্ৰেছ চলাচল আৰম্ভ কৰিব। আনহাতে ২৫ জুনৰ পৰা গুৱাহাটী – হাওৰা – গুৱাহাটী শৰাইঘাট এক্সপ্রেছখন, ২৬ জুনৰ পৰা ৰাজেন্দ্ৰ নগৰ – কামাখ্যা – ৰাজেন্দ্ৰ নগৰ কেপিটেল এক্সপ্রেছখন বিদ্যুৎচালিত ব্যৱস্থাৰে চলাচল আৰম্ভ হৈছে । ইয়াৰ ফলত প্রযুক্তিগত উন্নীতকৰণৰ লগতে উত্তৰ পূব ভাৰতৰ জনগণৰ বাবে এক সেউজ আৰু দ্রুত ৰে’ল নেটৱৰ্কৰ দিশত এক বৃহৎ পদক্ষেপ। ভাৰতীয় ৰে’লৱে’ই দেশজুৰি এশ শতাংশ বৈদ্যুতিকৰণৰ লক্ষ্যৰে কাম কৰি আছে । আনহাতে ডিব্ৰুগড় পৰ্যন্ত বৈদ্যুতিক সেৱা প্ৰৱৰ্তন হোৱাৰ পাছত উত্তৰ পূব ভাৰত এতিয়া দ্রুতবেগী, পৰিৱেশ অনুকূলৰে পৰিচালনৰ মানচিত্ৰত স্থান লাভ কৰাটো নিশ্চিত হৈছে ।

Leave A Reply

Your email address will not be published.