অৱশেষত সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ নতুন দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছৰ চলাচল আৰম্ভ হৈছে । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্চল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ২৫ জুনৰ পৰা ১২৪২৩/১২৪২৪ ডিব্রুগড় নতুন দিল্লী – ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছখন সম্পূৰ্ণৰূপে বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল আৰম্ভ হৈছে।।ইলেকট্রি ট্রাকশ্যনৰ জৰিয়তে চলাচল আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ কাৰ্বন নির্গমন হ্ৰাসৰ লক্ষ্যৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত হৈছে । ইয়াৰ ফলত ৰেলৰ অপাৰেশ্যনেল কার্যক্ষমতা বৃদ্ধি, যাত্রাৰ সময় আৰু ব্যয় হ্রাস হব । জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰা অনুসৰি নগাঁও জিলাৰ শিলঘাট টাউন ৰেল ষ্টেচনলৈ বৈদ্যুতিক সেৱাৰ কাম সম্পূৰ্ণ হৈছে। অহা ৩০ জুনৰ পৰা শিলঘাট – কলকাতা এক্সপ্ৰেছ বিদ্যুৎচালিত ব্যৱস্থাৰে চলাচল আৰম্ভ কৰিব। তাৰ পাছত বিদ্যুৎচালিত ব্যৱস্থাৰে পহিলা জুলাইৰ পৰা হাওড়া – গুৱাহাটী শৰাইঘাট এক্সপ্ৰেছ চলাচল আৰম্ভ কৰিব। আনহাতে ২৫ জুনৰ পৰা গুৱাহাটী – হাওৰা – গুৱাহাটী শৰাইঘাট এক্সপ্রেছখন, ২৬ জুনৰ পৰা ৰাজেন্দ্ৰ নগৰ – কামাখ্যা – ৰাজেন্দ্ৰ নগৰ কেপিটেল এক্সপ্রেছখন বিদ্যুৎচালিত ব্যৱস্থাৰে চলাচল আৰম্ভ হৈছে । ইয়াৰ ফলত প্রযুক্তিগত উন্নীতকৰণৰ লগতে উত্তৰ পূব ভাৰতৰ জনগণৰ বাবে এক সেউজ আৰু দ্রুত ৰে’ল নেটৱৰ্কৰ দিশত এক বৃহৎ পদক্ষেপ। ভাৰতীয় ৰে’লৱে’ই দেশজুৰি এশ শতাংশ বৈদ্যুতিকৰণৰ লক্ষ্যৰে কাম কৰি আছে । আনহাতে ডিব্ৰুগড় পৰ্যন্ত বৈদ্যুতিক সেৱা প্ৰৱৰ্তন হোৱাৰ পাছত উত্তৰ পূব ভাৰত এতিয়া দ্রুতবেগী, পৰিৱেশ অনুকূলৰে পৰিচালনৰ মানচিত্ৰত স্থান লাভ কৰাটো নিশ্চিত হৈছে ।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ