গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত কালি ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী দিৱস উদযাপন হয়।জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সকলোৱে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।সন্থাৰ উপসভাপতি জিতুমণি কলিতাই জাতিটোৰ সংকটৰ কালত ৰূপ কোঁৱৰৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।সন্থাৰ সহকাৰী সম্পাদিকা হেলেনা স্বৰ্গীয়াৰীয়ে যুক্তিনিষ্ঠ, আবেগ বৰ্জিত আন্দোলন আগবঢ়াই নিবলৈ সকলোকে শপত বাক্যপাঠ কৰায়।সভাত সন্থাৰ সাহিত্য আৰু সুকুমাৰ কলাৰ সম্পাদক বিদ্যুৎ বিকাশ বৰুৱা, সাংস্কৃতিক সম্পাদক হীৰক জ্যোতি শৰ্মা,কৰ্মচাৰী সকল, বিভিন্ন কলেজৰ পৰা অহা ছাত্ৰ প্ৰতিনিধি, বিশ্ববিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
Trending
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত স্বাক্ষৰিত হয় এইমএছ গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত এক বুজাবুজি চুক্তি
- আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল
- অমৃত বৃক্ষ আন্দোলনৰ অধীনত মৰিগাঁও জিলাত ৭ লাখ গছপুলি ৰোপণৰ লক্ষ্য
- তামুলপুৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা
- গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত মন্ত্ৰী অশোক সিংহলৰ ঘোষণা
- গোৱালপাৰাৰ সদ্যপ্ৰয়াত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকাৰ্ত পৰিয়ালবৰ্গক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ
- আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিন উদযাপন
- গুৱাহাটীত সাংবাদিকৰে মননশীল আলোচনাত অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক প্ৰফুল্ল কেতকাৰ
- পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন