কেৱল সাগৰৰ তলিতে নহয়-খাল, বিলতো মুকুতা পোৱা যায়

0 329

মুকুতা কেৱল সাগৰৰ তলিতে পোৱা নাযায়।অসমৰ খাল বিল,পুখুৰীত থকা শামুকৰ পৰাও মুকুতা পাব পাৰি।
 
 
 
কথাষাৰ অবিশ্বাস্য যেন লাগিলেও সঁচা বুলি প্ৰমাণিত কৰিছে ধিঙৰ এজন যুৱকে। ধিঙৰ ৰুলেন হাজৰিকা নামৰ যুৱকজনে নিজৰ ঘৰৰ পুখুৰীতে শামুকৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে মুকুতা উৎপাদন কৰিছে।
 
 
উল্লেখযোগ্য যে ৰুলেন হাজৰিকাই শামুকৰ খেতি অসমত প্ৰথমবাৰলৈ কৰিছে।জানিব পৰা মতে তেখেতে  ইউটিউৱ চাই প্ৰথমে শামুকৰ খেতিৰ সম্পৰ্কে জ্ঞাত হয়।আৰু পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন ঠাই যেনে ঝাৰখণ্ড,পশ্চিমবংগ,উৰিষ্যালৈ গৈ শামুকৰ খেতিৰ সম্পৰ্কে প্ৰশিক্ষণ গ্ৰহণ কৰে।
 
 
মুকুতাৰ বজাৰ মূল্য আৰু জনসাধাৰণৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি ৰুলেন হাজৰিকাক লগ কৰি  বহুজনে শামুকৰ খেতিৰ সম্পৰ্কে প্ৰশিক্ষণ গ্ৰহণ কৰিছে।এই মন্তব্য ৰুলেন হাজৰিকাৰ।
 
 
স্মতৰ্ব্য যে ৰুলেন হাজৰিকাই প্ৰস্তুত কৰা মুকুতা  দেশ বিদেশলৈ ৰপ্তানি হৈছে। সম্প্ৰতি কম  বিনিয়োগত শামুকৰ খেতি  এক লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে।

Leave A Reply

Your email address will not be published.