ইণ্ডিয়ান এচ’ছিয়েছন অব্ কনজাৰভেটিভ ডেন্টিষ্ট্ৰী এণ্ড এন্ডদন্টিক্চৰ ৩৫ সংখ্যক বাৰ্ষিক সন্মিলন আৰু অধিৱেশনখন ২৬,২৭ আৰু ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নিউ বিমানকোঠ পথত অৱস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷উক্ত অধিৱেশনখনৰ শুভাৰম্ভ কৰে আই এ চি ডি ইৰ মুখ্য পৃষ্ঠপোষক ডাঃ দিব্যেন্দু মজুমদাৰ আৰু বৰ্তমান সন্থাৰ সভাপতি ডাঃ ভি চন্দ্ৰশেখৰে৷ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে বক্তা হিচাপে এই অধিবেশনত অংশ গ্ৰহণ কৰে৷তাৰ ভিতৰত জাৰ্মানীৰ ডা°ডেনিচ কহলাৰ ,নিউয়ৰ্কৰ ডা° মহুৱা বোস পিল্লাই, ডেনমাৰ্কৰ ডা° লাৰ্চ ব্ৰঞ্জডেল,জামাইকাৰ ডা° শশী নালাপতি আৰু ইউ.এ ইৰ ডা° এচ ভেংকটেশ বাবুয়ে “অনলাইন বক্তা “হিচাপে আৰু দেশৰ আগশাৰীৰ বিষয় চিকিৎসক ডা° প্ৰদীপ কুমাৰ,ডা° আৰ এচ মোহন কুমাৰ,ডা° মিথুনজিত কৃষ্ণণ,ডা° মুকুট শীল,ডা° শিশিৰ সিং,ডা° এন ভেলমুৰগন,ডা° মিথ্ৰা হেগড়ে ,ডা° আদিত্য মিত্ৰ,ডা° লৰা মিশ্ৰ আৰু চিকয় ৱাঙে “অফলাইন বক্তা’ হিচাপে এই অনুষ্ঠানত উপস্থিত থাকে৷ ডাঃ শিশিৰ সিঙে এই বাৰ্ষিক অধিৱশনতে ডাঃজি ভি স্মাৰক বক্তৃতা প্ৰদান কৰে৷ এই অধিৱেশনৰ লগত সংগতি ৰাখি ছাইণ্টিফিক চেছন,বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত হয়৷ অধিৱেশনৰ মুকলি সভাত সন্থাৰ সভাপতি ডা° ভি চন্দ্ৰশেখৰ,যুটীয়া সম্পাদক আৰ মোহন কুমাৰ,মুখ্য পৃষ্ঠপোষক ডা° দিব্যেন্দু মজুমদাৰ উপস্থিত থাকে আৰু ইয়াতে ডা° আদ্ৰিজা ডেকাৰ তত্ত্বাৱধানত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰদান কৰা হয় “ইয়ং এচিভাৰ এৱাৰ্ড”৷উল্লেখ্য যে অসমৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ডাঃ পল্লৱী য়াডুকাই ইয়ং এছিভাৰ এৱাৰ্ডত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আয়োজক কমিটিৰ অধ্যক্ষ ডাঃ এ চি ভূঞা আৰু সম্পাদক ডাঃ ৰুবী কটকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে৷
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ