সফলতাৰে সামৰণি পৰিল দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ। সপ্তাহ যোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা মহোৎসৱটোত ৫০ খন দেশৰ ১০৮ খন চিনেমা প্ৰদৰ্শিত হয়। আজি সামৰণি অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই কয় এই চলচিত্ৰ মহোৎসৱটো বিভিন্ন ঠাইত অনুষ্ঠিত কৰা মহোৎসৱৰ ধৰণে অনুষ্ঠিত কৰিছো। দৰ্শকৰ সহাঁৰিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ শিশুসকলৰ বাবে অহা তিনিমাহৰ ভিতৰত শিশু চলচিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব। অনুষ্ঠানত ছিংগাপুৰৰ এন জি বোন য়ানে কয় যে চলচিত্ৰ মহোৎসৱত অংশ লৈ আপ্লুত হ’লো।ছিংগাপুৰৰ চিনেমাবোৰত যদিও নিজা ষ্টোৰি নাথাকে এই মহোৎসৱৰ দ্বাৰা বিভিন্ন চিনেমা পৰম্পৰা, সংস্কৃতিৰ বিশেষ আভাস পাবলৈ সক্ষম হ’লো। উল্লেখযোগ্য যে এই মহোৎসৱৰ লগত সংগতি ৰাখি উত্তৰ পূৱৰ ৬ খন চিনেমা প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰা হয়। ইয়াৰ ভিতৰত জুৰীৰ বিশেষ বঁটা লাভ কৰে অৰুণ নাথে, গল্ডেন কেমেৰা বঁটা লাভ কৰে দ্যা কুইষ্টে আৰু চিলভাৰ কেমেৰা বঁটা লাভ কৰে মঞ্জিল বৰুৱাৰ প্ৰযোজিত এ চিক্টেট চাৰ্চে।অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, বিভিন্ন দেশৰ চলচিত্ৰপ্ৰেমী, প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
Trending
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting