প্ৰতি বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসত ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰিব।এই বঁটাৰ বাবে কেন্দ্রীয় শিশু কল্যাণ পৰিষদে অসমৰ সাহসী কিশোৰ কমলকৃষ্ণ দাসৰ নাম ঘোষণা কৰিছে।উল্লেখ্য যে ২০১৮ চনত গুৱাহাটীত কোবাল ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত নিজৰ মাতৃ,পেহীয়েক আৰু এগৰাকী মহিলাক সাঁতুৰি প্ৰাণ ৰক্ষা কৰি ১১ বছৰীয়া কমলকৃষ্ণই নিজৰ সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল।তথ্য অনুসৰি কমলকৃষ্ণৰ ঘৰ উত্তৰ গুৱাহাটীত।কিশোৰ গৰাকীৰ পিতৃ ধনঞ্জয় দাস পানবজাৰৰ এখন চিকিৎসালয়ত কৰ্মৰত আৰু মাতৃ জিতুমণি দাস এগৰাকী গৃহিনী।গুৱাহাটীৰ ছেইণ্ট এন্থনীজ স্কুলৰ ছাত্ৰ কমলকৃষ্ণই সাতোঁৰ প্ৰশিক্ষণো গ্রহণ কৰি আছে।উল্লেখযোগ্য যে ১৯৫৭ চনৰ পৰা প্ৰদান কৰি অহা ৰাষ্ট্ৰীয় সাহসিকতা বঁটা এইবাৰ ১২ খন ৰাজ্যৰ মুঠ ১২ জন ল’ৰা আৰু ১০ জনী ছোৱালীক প্ৰদান কৰা হ’ব।আৰু ইয়াৰে এটি শিশুক মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing