অসমীয়া ভাষাৰ শিশু-সাহিত্যৰ ক্ষেত্ৰত এইবেলি পোন প্ৰথমবাৰলৈ কাব্যপুথিত সাহিত্য অকাডেমীৰ বঁটা প্ৰদান কৰা হয়। বিশিষ্ট শিশু-সাহিত্যিক, চিত্ৰশিল্পী, ব্যাকৰণবিদ, নাবাৰ্ডৰ অৱসৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ মোহন দাসৰ কাব্যপুথি ‘মইনাহঁতৰ পদ্য’ শীৰ্ষক পুথিৰ বাবে ২০২৫ বৰ্ষৰ শিশু-সাহিত্যৰ অকাডেমী বঁটা ঘোষণা কৰা হয়। অতি প্ৰাণোদ্দীপক খবৰটোত আহ্লাদিত হৈ মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ বৃহত্তৰ পৰিয়ালবৰ্গ আৰু ‘আমাক হেজাৰখন হাত লাগে, যাৰ মন এটাই’ আপ্তবাক্যৰে জনমানসত কৰ্মেৰে সবল খোজ পেলোৱা ‘উত্তৰ পুৰুষৰ মঞ্চ, অসম’ (উপুম)ৰ প্ৰতিনিধিবৰ্গই যোৱা ১৮ জুনত মহানগৰীৰ বশিষ্ঠ লতাকটাৰ দাসৰ বাসভৱনলৈ গৈ তেঁওক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। বিভিন্ন সৃষ্টিশীল কামেৰে অসমীয়া সাহিত্যৰ বৰপেৰাত অনেক বৰঙণি আগবঢ়োৱা দাসদেৱৰ এই প্ৰাপ্তিত উৎফুল্লিত হৈ জোনাকৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱা, উপমুৰ সম্পাদক হৰেকৃষ্ণ হালৈ আৰু উপুমৰ পঞ্জীয়ন কমিটীৰ সভাপতি ডঃ অণিমা বৰাই তেওঁক ফুলাম গামোচা, ফুলৰ থোপা , গ্ৰন্থ, উপহাৰেৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে কেবাখনো গ্ৰন্থৰ ৰচক, সাহিত্যৰ একান্ত সেৱক সুৰেন্দ্ৰ মোহন দাসৰ জন্ম গাওঁ নলবাৰী জিলাৰ পশ্চিম খাতাৰ কালাকুছিতো ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে । জালুকবাৰীস্থিত স্বৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্ৰ বৈশ্যয়ো বিদ্যালয়ৰ হৈ দাসক অভিনন্দন জ্ঞাপন কৰে । লগতে বগুৰীহাটী বিকাশ মঞ্চ, বৰনৰ্দ্দী গাঁও উন্নয়ন সমিতি, বৰনৰ্দ্দী নৱজ্যোতি সংঘ আদি অনুষ্ঠানেও দাসক অভিনন্দন জনায়। আনহাতে দাসৰ পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থখনৰ প্ৰকাশক, ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰী মুকুট শৰ্মাৰ লগত লেখকৰ এটা প্ৰতিনিধি দল আৰু দাসৰ বৰ্তমানৰ বাসস্থান লতাকটাৰ স্থানীয় সাহিত্যসেৱীৰ একাংশয়ো তেঁওক ঘৰত গৈ সম্ভাষণ জনায়।
Trending
- বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- আই এ এছ এছ সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনৰ সামৰণি
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান