সীমা বিবাদৰ বাবেই ভাৰত চীনৰ যুদ্ধ হ’ব নেকি

0 321

ক’ৰণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতেই চৰ্চিত হৈ পৰিছে ভাৰত চীনৰ যুদ্ধৰ প্ৰসংগ। সীমান্তত দিনে দিনে চীনা সেনাৰ গতিবিধি বৃদ্ধি পাইছে। আনহাতে চেটেলাইটৰ জৰিয়তে লাভ কৰা বিশেষ তথ্যই এই সকলো কথা পোহৰলৈ আনিছে।  চীনা সৈন্যই পথ নিৰ্মাণ, দ্বীপ নিৰ্মাণকে আদি কৰি সমৰ কলাৰো কুচকাৱাজ আৰম্ভ কৰিছে। যাৰ বাবে ভাৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ো চিন্তিত হৈ পৰিছে।ইতিমধ্যে এই প্ৰতিৰক্ষা মন্ত্ৰালয়ো বহু কেইখন বৈঠক অনুষ্ঠিত কৰিছে।
 
 
চীন ভাৰতৰ যুদ্ধ নতুন বিষয় নহয়। কিয়নো ১৯৬২চনতে চীন ভাৰতৰ প্ৰথম যুদ্ধ হৈছিল।যুদ্ধৰ পিছতে স্বীকৃতি পোৱা  MC Mahon line আৰু Line of actual control য়ে সম্প্ৰতি দুয়োখন দেশৰ যুদ্ধৰ মূল কাৰক হৈ পৰিছে।
 
 
এই দুটা লাইনে দেশ দুখনৰ সীমা নিৰ্ধাৰণ কৰে। উল্লেখযোগ্য যে চীনে লাডাখ, চিকিম আৰু অৰুণাচলৰ সীমান্তত গতিবিধি বৃদ্ধি কৰিছে। আনহাতে ভাৰতে সমগ্ৰ বিষয়টোক সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে। অৱশ্যে যোৱা মাহৰ পৰা চীনা সৈন্যৰ গতিবিধি, যুদ্ধংদেহী মনোভাৱ দুগুণে বৃদ্ধি পাইছে। বহুক্ষেত্ৰত চীনা সৈন্যই line of actual controlক দোহাই দি পথ নিৰ্মাণকে আদি কৰি বিভিন্ন কাম কাজ চলাই আছে।
 
 
আনহাতে ক’ভিড১৯ৰ সুযোগ লৈ চীনে ব্যৱসায় বাণিজ্যৰ সুযোগ চলাইছিল যদিও প্ৰতিখন দেশে চীনৰ কূট কৌশল জানিব পাৰি চীনা সামগ্ৰী সকলোৱে বৰ্জন কৰিছে। বহুতো নামী দামী কোম্পানীয়ে চীন এৰি ভাৰতত ব্যৱসায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
 
ইফালে ক’ৰণা ভাইৰাছৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলোৱে চীনকে জগৰীয়া কৰিছে।যাৰ ফলস্বৰূপে আমেৰিকা ,ইৰাণ আদি দেশ চীনৰ শত্ৰু হৈ পৰিছে। একাংশ বিশেষজ্ঞই line of actual controlক সীমা নিৰ্দ্ধাৰণৰ ঠেক পৰিসৰ বুলি মন্তব্য কৰে। দুইখন দেশৰ যুদ্ধৰ প্ৰসংগ বৰ্তমানেও মুকলিকৈ ঘোষণা কৰা হোৱা নাই যদিও ইতিমধ্যে চীনৰ ৰাষ্ট্ৰপতিয়ে চীনা সৈন্যক যুদ্ধৰ বাবে  সাজু থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে। আনহাতে ভাৰতীয় সৈন্যইও সীমান্তত চোকা দৃষ্টি ৰাখিছে।

Leave A Reply

Your email address will not be published.