সুখবৰ !ৰন্ধন গেছৰ মূল্য হ্ৰাস পাইছে

0 223

সমগ্ৰ দেশজুৰি চলি থকা লকডাউনৰ এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ বাবে এক নতুন খবৰ আহিছে। সমগ্ৰ ঠাই বিশেষে ৰন্ধন গেছৰ মূল্য হ্ৰাস পাইছে।
 
 
সেই অনুসৰি নলবাৰী জিলাত পূৰ্বৰ তুলনাত হ্ৰাস ৰন্ধন গেছৰ মূল্য পাইছে। নলবাৰীত পূৰ্বৰ ৭৯২.৫০টকাৰ পৰিৱৰ্তে বৰ্তমান সময়ত উপভোক্তাই লাভ কৰিব পাৰিব ৫৭২.৫০টকাত। সমান্তৰালকৈ
ধেমাজি আৰু লখিমপুৰৰ গ্ৰাহকসকললৈও আহিছে সুখবৰ। পূৰ্বৰ ৮১০টকা মূল্যৰ পৰিৱৰ্তে গ্ৰাহকে   ৫৮৮.৫০টকা মূল্যত চিলিণ্ডাৰ লাভ কৰিব।
 
গোলাঘাট জিলাৰ গ্ৰাহকে লাভ কৰিব পূৰ্বৰ ৭৬৪টকা মূল্যৰ বিপৰীতে ৫৭৯ টকাত। ঠিক তেনেদৰে ডিব্ৰুগড়তো পূৰ্বৰ ৭৪৬টকাৰ পৰিৱৰ্তে গ্ৰাহকে ৫৭১টকা মূল্যত লাভ কৰিব পাৰিব। এইক্ষেত্ৰত উল্লেখনীয় যে গুৱাহাটী মহানগৰীত ৰন্ধন গেছৰ মূল্য পূৰ্বৰ ৭৯৩টকাৰ পৰিৱৰ্তে ৫৭৩টকালৈ হ্ৰাস পাইছে। ইয়াৰ লগতে আন আন জিলাসমূহতো পূৰ্বৰ মূল্যৰ তুলনাত হ্ৰাস পাইছে ৰন্ধন গেছৰ মূল্য।
 
উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তত থকা মেট্ৰ’ চহৰ সমূহত ৰাজসাহাৰ্য্য বিহীন ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম হ্ৰাস পালে ৬১.৫ৰ পৰা ৬৫ টকালৈ হ্ৰাস পাইছে।
 
 
 
স্মতৰ্ব্য যে ১ এপ্ৰিলৰ পৰাই কাৰ্যকৰী কৰা হৈছে এই নতুন নিৰিখৰ। ইতিপূৰ্বে বিগত মাৰ্চ মাহত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছিল। ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ অনুসৰি বিগত এপ্ৰিল মাহৰ ১তাৰিখৰ পৰা ৰাজধানী দিল্লীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৪.২ কিলোগ্ৰামত মূল্য ৬১.৫ টকা আৰু দেশৰ আন এখন মেট্ৰ’ চহৰ মুম্বাইত হ্ৰাস পাইছে ৬২টকা। ৰাজধানী চহৰ দিল্লীত আজিৰে পৰা ৰাজসাহাৰ্য্য বিহীন চিলিণ্ডাৰৰ মূল্য পূৰ্বৰ ৮০৫.০৫টকাৰ পৰিৱৰ্তে ৭৪৪ নিৰ্ধাৰিত কৰা হৈছে।সমান্তৰালভাৱে ইয়াৰ উপৰিও কলকাতাত পূৰ্বৰ পৰা হ্ৰাস পাই ৭৭৪.৫০টকা আৰু চেন্নাইত ৭৬১.৫০ টকা হৈছে।

Leave A Reply

Your email address will not be published.