ৰাজ্যত বৰ্দ্ধিত সংঘটিত পথ দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো উদ্বেগ প্রকাশ কৰি দুৰ্ঘটনাা ৰোধ কৰিবলৈ হাতে – কামে নামি পৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক নির্দেশনা দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই অসম চৰকাৰৰ পৰিবহণ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিজন জিলা পৰিবহণ বিষয়াক নিজ নিজ জিলাত আৰক্ষীৰ সহযোগত যান বাহন পৰিদৰ্শক ( এম ভি আই ) আৰু প্ৰৱৰ্তক পৰিদৰ্শক ( ই আই ) সকলক লগত লৈ ৰাজপথত উদণ্ড বা আইন উলংঘাকাৰী চালক সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশনা দিছে । ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত ২১ ডিচেম্বৰত সোণাপুৰ নতুন বজাৰত এখন পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰে। আনহাতে সভাত মুখ্য বক্তা হিচাপে ভাগ লৈ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ৰ দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ভাষণ প্ৰসংগত কয় – মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষক আদৰাৰ নামত ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীত সুৰাপান কৰি নিজৰ লগতে আন দহজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কার্য ৰোধ কৰিবলৈ আহ্বান জনাইছে তাক বাস্তৱত পৰিণত কৰিবলৈ হলে প্ৰথমতে চালক সকল আগবাঢ়ি আহিব লাগিব। এই ক্ষেত্ৰত সুৰাপান কৰি বাহন নচলাবলৈ আৰু পথ সুৰক্ষাৰ দিশত কোনো ধৰণৰ আপোচ কৰা নহব বুলি তেওঁ সদৰি কৰে। ইফালে গুৱাহাটীৰ কাষৰীয়া সোণাপুৰ আৰু ক্ষেত্ৰী অঞ্চলটোত চলিত বৰ্ষটোত ভয়ংকৰ পথ দুৰ্ঘটনাত ১৬ জন লোক নিহত হোৱাৰ উপৰি সমগ্ৰ গুৱাহাটী মহানগীৰ ভিতৰত ২২১ জন লোক নিহত হ’বলগীয়া হৈছে।সেয়েহে এই সমূহ দুর্ঘটনা ৰোধ কৰিবলৈ হ’লে চালকসকলে গাড়ী চলাওঁতে সুৰা সেৱন কৰাৰ পৰা বিৰত থকাৰ লগতে গাড়ীৰ গতিবেগ সীমিত কৰা, গাড়ী চলাই থাকোতে মোবাইল ফোন ব্যৱহাৰ কৰা আদি কাৰ্যৰ পৰা বিৰত থাকি দুৰ্ঘটনাৰ পৰা নিজৰ জীৱন ৰক্ষা কৰা লগতে আনৰো জীৱন সুৰক্ষিত কৰিবলৈ সকলোকে আহ্বান জনায়। ইপিনে সভাত সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিষয়া হিমাদ্ৰী বৰা, সোণাপুৰৰ সহকাৰী আৰক্ষী আয়ুক্ত সুকন্যা দাস, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি, সোণাপুৰ উন্নয়ন সমিতিৰ সভাপতি অজিত দত্ত আৰু সোণাপুৰ উন্নয়ন সমিতিৰ উপ – সভাপতি তপন গোস্বামী , অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰাজীৱ ওৰাঙকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি এনে ধৰণৰ পথ সুৰক্ষা সজাগতা সভা সোণাপুৰত আয়োজন কৰা বাবে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ শলাগ লয় আৰু দুৰ্ঘটনা প্ৰতিৰোধ সন্দৰ্ভত ৰাইজক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়।
Trending
- ৰূপহীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন শিল্পী মিলেশ্বৰ ডেকালৈ লোকশিল্পী -২০২৫ বঁটা প্ৰদান
- অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ ++ চিমেন্ট মুকলি
- এন ই ফ’কাছৰ পদক্ষেপ, গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন
- DoHUA Minister Jayanta Mallabaruah Launches Online Building Permission System (OBPS) for Faster and Transparent Approvals
- সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- Nefocus initiative:climate change summit Held in Guwahati
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা