সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে তিনি কৃতিমানে

0 166

আজি ঘোষণা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে পুনৰবাৰ ৰাজ্যৰ শিক্ষাখণ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় সোণাৰিয়ে। সোণাৰি জুনিয়ৰ কলেজৰ হৰপ্ৰীট কৌৰে বাণিজ্য শাখাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি সোণাৰিৰ লগতে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে। ৪৬৮ নম্বৰেৰে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰা হৰপ্ৰীট সোণাৰি তিনি নং ৱাৰ্ডৰ প্ৰয়াত গুৰমীট সিং আৰু কুলদ্বীপ কৌৰৰ সুযোগ্য কন্যা। বাৰ বছৰ বয়সতে পিতৃক হেৰুওৱা হৰপ্ৰীতৰ সপোন ভৱিষ্যতে এগৰাকী চাৰ্টাড একাউণ্টেন হোৱা। হৰপ্ৰীটতে ইংৰাজীত ৮৮, ঐশ্বিক ইংৰাজীত ৯২, হিচাপ বিদ্যা ৯৭, ব্যৱসায় অধ্যয়নত ৯২, অৰ্থনীতিত ৯৯ আৰু বেংকিং বিষয়ত ৯৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। দিনে অতি কমেও ১৪ ঘণ্টাকৈ অধ্যয়ন কৰা হৰপ্ৰীত ক্ৰাফট ডিজাইন আৰু সংগীততো পাৰ্গত। সমাজপ্ৰেমী এটা সুৰুচিৱান পৰিয়ালত জন্মগ্ৰহণ কৰি সফলতা অৰ্জন কৰা হৰপ্ৰীতৰ ফলাফলত সমগ্ৰ সোণাৰিবাসী উৎফুল্লিত হৈ পৰিছে। ইফালে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা সাগৰ গোৱালাই ৪৭৯ নম্বৰ লাভ কৰি নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰপৰা বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়। সাগৰে ইংৰাজীত ৯৩, অসমীয়াত ৯৬, পদাৰ্থ বিজ্ঞানত ৯৭, ৰসায়ন বিজ্ঞানত ৯৫, গণিতত ৯৮ আৰু পৰিসংখ্যাত ৯৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। শিক্ষক তথা সাংস্কৃতিক কৰ্মী মহানন্দ গোৱালা আৰু বিনীতা গোৱালাৰ জ্যেষ্ঠ পুত্ৰ সাগৰে নিৰ্দিষ্ট সময়সূচী অনুসৰি অধ্যয়ন নকৰে যদিও মনোযোগেৰে সকলোবোৰ অধ্যয়ন কৰা বুলি জানিবলৈ দিয়ে। আনহাতে ডিব্ৰুগড়ৰ চল্টবুক একাডেমীৰ পৰা বিজ্ঞান শাখাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰা অৰ্জুন বুঢ়াগোহাঁই সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত বুঢ়াগোহাঁইৰ সন্তান। অৰ্জুনৰ ফলাফল অনুসৰি ইংৰাজীত ৯৫, ঐশ্বিক ইংৰাজীত ৯৫, জীৱ বিজ্ঞানত ৯৭, ৰসায়ন বিজ্ঞানত ৯৬, গণিতত ৯৪ আৰু পদাৰ্থ বিজ্ঞানত ৯২ নম্বৰেৰে মুঠ ৪৭৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইপিনে এই তিনিগৰাকী কৃতীমানৰ সাফল্যই সোণাৰিৰ লগতে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈ উঠিছে সচেতন মহল। স্থান লাভেৰে শৈক্ষিক ক্ষেত্ৰখনত গৌৰৱ কঢ়িয়াই অনা সকলোলৈকে অভিনন্দন জনাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আগন্তুক দিনবোৰত প্ৰতিযোগিতাৰ মনোভাৱেৰে সফলতাৰ শিখৰত উপনীত হবলৈ চেষ্টা অব্যাহত ৰখাৰ কামনা কৰে। সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে প্ৰাক্তন বিধায়ক শৰৎ বৰকটকীয়েও সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে। আনহাতে ফলাফল ঘোষণা কৰা পাছতে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে অসমৰ ভিতৰত স্থান লাভ কৰা কৃতিমান ছাত্ৰ-ছাত্ৰীৰ বাসগৃহত উপস্থিত হৈ গামোচা আৰু উপহাৰেৰে অভিনন্দন জনোৱাৰ উপৰিও টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতি, ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ লগতে বিভিন্ন দল সংগঠনে অভিনন্দন জনায়।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.