স্মাৰ্ট চিটি প্ৰকল্প অধীনৰ কাম-কাজ সমূহ খৰতকীয়াকৈ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

0 251

স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনৰ বিভিন্ন কাম-কাজ সমূহ খৰতকীয়াকৈ সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক নিৰ্দেশ দিছে।কালি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ সঞ্চালক মণ্ডলীৰ সৈতে হোৱা এক উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোৰ অধীনৰ কাম-কাজ সমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰণক শীর্ষ অগ্ৰাধিকাৰৰ বিষয় হিচাপে গণ্য কৰিবলৈ বিষয়ববীয়া সকলক নিৰ্দেশ প্ৰদান কৰে। বৈঠকত স্মাৰ্ট চিটি ৩৭০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰক্ষ্মপুত্ৰ নদীপাৰ উন্নয়ন প্ৰকল্প ৰূপায়ণত অনুমোদন জনায়।নিৰ্দিষ্ট সময়ৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিষয়ববীয়া সকলক নিৰ্দেশ দিয়ে।
স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনৰ অন্যান্য উপাদান সমুহ যেনে জলাশয় সমূহৰ পুনৰুজ্জ্বীৱিতকৰণ,পৰিৱেশ সম্বন্ধীয় নীতি-নিৰ্দেশনা কটকটীয়া ভাৱে অনুসৰণ কৰি দীপৰ বিলৰ উন্নয়ন, গুৱাহাটী সংহত যান-বাহন ব্যৱস্থাপনা পদ্ধতি,গান্ধী মণ্ডপ আৰু শংকৰদেৱ কলাক্ষেত্ৰত পোহৰ আৰু শব্দ প্ৰদৰ্শনী,অশ্বক্লান্ত দেৱালয়ৰ উন্নয়ন, উমানন্দ দেৱালয়ৰ উন্নয়ন, গুৱাহাটী মহানগৰৰ পৰিস্কাৰকৰণ বাবে অত্যাধুনিক জাৱৰ নিষ্কাশন যন্ত্ৰ ক্ৰয় ,স্মাৰ্ট ষ্ট্ৰীল লাইট ব্যৱস্থা আদি বিষয় সমূহৰ ওপৰতো গুৰুত্ব আলোচনা কৰা হয়।
স্মাৰ্ট চিটি লিমিটেডৰ অধীনৰ প্ৰকল্প সমূহ দ্ৰুততাৰে সম্পূৰ্ন কৰাৰ লগতে ইয়াৰ বাবে অসম চৰকাৰে অতিৰিক্ত পুঁজি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বিষয়ববীয়া সকলক আশ্বাস প্ৰদান কৰে।বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল,মুখ্য সচিব তথা গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ অধ্যক্ষ জিষ্ণু বৰুৱা,স্মাৰ্ট চিটি লিমিটেডৰ অন্যান্য সঞ্চালক সকল ক্ৰমে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং,মুখ্যমন্ত্ৰী প্ৰধান সচিব সমীৰ কুমাৰ সিনহা,আৰক্ষী আয়ুক্ত হৰমিত সিং,কৌশল হিলালী,দেৱাশিস শৰ্মা লগতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ পৰিচালন সঞ্চালক এছ সুন্দৰো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.