সমগ্র অসমত দুটা ভিন্ন দিনত উদযাপন হ’ল বাগ দেৱীৰ পূজা।পূৰ্বৰ দৰে এইবাৰ সৰস্বতী পূজাত সিমান উখল মাখল পৰিৱেশে বিৰাজ নকৰিলেও অনুস্তুপীয়াকৈ পূজা উদযাপিত হয়।বৈদিক ৰীতি নীতিৰে সৰস্বতী পূজা ক্ৰিয়া কৰ্ম সমাপন হয়।মহানগৰীৰ অধিকাংশ বিদ্যালয় মহাবিদ্যালয়ত আজিহে সৰস্বতী পূজা উদযাপন কৰে।সৰস্বতী পূজাৰ উপলক্ষে আজি আমি উপস্থিত আছিলো সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত।উল্লেখযোগ্য যে এইবাৰৰ সৰস্বতী পূজাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত প্লাষ্টিকৰ সামগ্রীৰ পৰিবৰ্তে পৰিবেশ অনুকূলজাত সা সামগ্রী ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।ফুলৰ পৰা আৰম্ভ কৰি খোৱা বাচনলৈকে পৰিবেশ অনুকূলজাত সামগ্রীৰ প্ৰভাৱ দেখা যায়।সৰস্বতী পূজা সম্পর্কে জানিব বিচৰাত ছাত্রী একতা সভাৰ সমাজ সেৱিকা পৰিস্মিতা বৰাই এনেদৰে কয়..এইবাৰ অনুস্তুপীয়াকৈ সৰস্বতী পূজা আয়োজন কৰা হৈছে।কিয়নো মহাবিদ্যালয় সপ্তাহ সমাগত।ছাত্রী একতা সভাই পূজাৰ আধ্যাত্মিক পৰিৱেশ বৰ্তাই ৰখাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে।প্ৰত্যেকবাৰৰ দৰে এইবাৰো প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ মহাবিদ্যালয়ৰ পূজাভাগত অংশ লয়।স্মৰ্তব্য যে সমূহ ছাত্রীয়ে পৰম্পৰাগত সাজ পাৰ পৰিধান কৰি পূজাৰ সেৱাত অংশগ্রহণ কৰে।
Trending
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন
- কৃষি বিজ্ঞান কেন্দ্ৰত ‘কাজিনেমু’ৰ ৰপ্তানি বিষয়ক সজাগতা মূলক সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী