সমগ্র অসমত দুটা ভিন্ন দিনত উদযাপন হ’ল বাগ দেৱীৰ পূজা।পূৰ্বৰ দৰে এইবাৰ সৰস্বতী পূজাত সিমান উখল মাখল পৰিৱেশে বিৰাজ নকৰিলেও অনুস্তুপীয়াকৈ পূজা উদযাপিত হয়।বৈদিক ৰীতি নীতিৰে সৰস্বতী পূজা ক্ৰিয়া কৰ্ম সমাপন হয়।মহানগৰীৰ অধিকাংশ বিদ্যালয় মহাবিদ্যালয়ত আজিহে সৰস্বতী পূজা উদযাপন কৰে।সৰস্বতী পূজাৰ উপলক্ষে আজি আমি উপস্থিত আছিলো সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত।উল্লেখযোগ্য যে এইবাৰৰ সৰস্বতী পূজাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত প্লাষ্টিকৰ সামগ্রীৰ পৰিবৰ্তে পৰিবেশ অনুকূলজাত সা সামগ্রী ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।ফুলৰ পৰা আৰম্ভ কৰি খোৱা বাচনলৈকে পৰিবেশ অনুকূলজাত সামগ্রীৰ প্ৰভাৱ দেখা যায়।সৰস্বতী পূজা সম্পর্কে জানিব বিচৰাত ছাত্রী একতা সভাৰ সমাজ সেৱিকা পৰিস্মিতা বৰাই এনেদৰে কয়..এইবাৰ অনুস্তুপীয়াকৈ সৰস্বতী পূজা আয়োজন কৰা হৈছে।কিয়নো মহাবিদ্যালয় সপ্তাহ সমাগত।ছাত্রী একতা সভাই পূজাৰ আধ্যাত্মিক পৰিৱেশ বৰ্তাই ৰখাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে।প্ৰত্যেকবাৰৰ দৰে এইবাৰো প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ মহাবিদ্যালয়ৰ পূজাভাগত অংশ লয়।স্মৰ্তব্য যে সমূহ ছাত্রীয়ে পৰম্পৰাগত সাজ পাৰ পৰিধান কৰি পূজাৰ সেৱাত অংশগ্রহণ কৰে।
Trending
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ