সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত চুতীয়া উন্নয়ন পৰিষদ আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ আতিথ্যত সৰুপথাৰত চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মশালা মঙলবাৰৰ পৰা আৰম্ভ হয়। আৰম্ভণী অনুষ্ঠানৰ আঁত ধৰে ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰক্তিম হাজৰীকাই।সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ পিছতেই এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমনি ডেকা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সম্পাদক দ্বীপেন বৰা,ধনশিৰি মহকুমাৰ সাংবাদিক সংস্থাৰ সম্পাদক অৱনী শৰ্মা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক বেদান্ত ভাৰ্গৱকে প্ৰমূখ্য কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।উল্লেখ্য যে প্ৰশিক্ষনত ৰাজীৱ চুতীয়া, দেইজী চুতীয়া আৰু লুনা চুতীয়া মূখ্য প্ৰশিক্ষক হিচাবে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।প্ৰশিক্ষনত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰিব বুলি ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াই জানিবলৈ দিয়ে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা