দিল্লী চৰকাৰৰ শিক্ষা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত যোৱা ৩ জানুৱাৰীৰ পৰা নতুন দিল্লীৰ থায়াগৰাজ ক্ৰীড়া প্রকল্প চৌহদত অনুষ্ঠিত সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতা ২০২৪-২৫ ৰ আজি সন্ধিয়া সামৰণি পৰে । প্ৰতিযগিতাত মহিলাৰ মুকলি একক শাখাত অসমৰ চুজেন বুঢ়াগোহাঁইয়ে সোণৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ ৪৫ বছৰ ঊৰ্ধৰ ডাবলছ শাখাত বিষ্ণু ডেকা আৰু প্ৰাঞ্জল পাংগিঙে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমলৈ ২টা পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা সাতজনীয়া পুৰুষ – মহিলা দলটোৰ খেলুৱৈ সকল আছিল ক্ৰমে – অসম সচিবালয়ৰ পতিত পবন দত্ত আৰু বিষ্ণু ডেকা, চিৰাং জিলাৰ ৰেচম বিভাগৰ ৰঞ্জিত গগৈ , উত্তৰ লক্ষীমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাঞ্জল পাংগিং , চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ডাঃ জ্যোতিৰ্ময় শৰ্মা , শিলচৰৰ তৃতীয় এন চি চি বেটেলিয়ানৰ চুজেন বুঢ়াগোহাঁই আৰু ডিব্ৰুগড়ৰ দশম অসম এন চি চি বেটেলিয়ানৰ মাইনী বৰুৱা ।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan