হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় আৰু ৰোহটকস্থিত এম ডি জে বিশ্ববিদ্যালয়ত ১৮ নৱেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় সংহতি শিবিৰত ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰেলযোগে গৈ উপস্থিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ( এন এছ এছ ) ১৪ জনীয়া এটি দল । এন এছ এছৰ দুজন কাৰ্যসূচী বিষয়া ক্ৰমে বীৰঝাৰা মহাবিদ্যালয়ৰ সঞ্জীৱ শৰ্মাৰ নেতৃত্বত যোৱা ৪ জনীয়া স্বেচ্ছাসেৱকৰ দলটোৱে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত ভাগ লোৱাৰ বিপৰীতে নাৰেংগী মহাবিদ্যালয়ৰ ডঃ লখিমী গগৈৰ নেতৃত্বত যোৱা ৮ জনীয়া দলটোৱে এম ডি জে বিশ্ববিদ্যালয়ত ভাগ লৈছে ।২৫ নৱেম্বৰত এই শিবিৰৰ সামৰণি পৰিব। আনহাতে দুয়োটা শিবিৰত ভাগ লোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছৰ স্বেচ্ছাসেৱকৰ দল দুটাই তাত অসমৰ পৰম্পৰাগত লোকসংস্কৃতি, কলা ,খাদ্যসম্ভাৰ , যোগ আদি প্ৰদৰ্শন কৰিব। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈ , পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ , ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, আৰু এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক দীপক কুমাৰে হাৰিয়ানাত ৰাষ্ট্ৰীয় সংহতি শিবিৰত ভাগ লোৱা দল দুটাক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকে যাতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি