হাৰ্হি মণ্ডল বিজেপিৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীক স্মৰণ

0 260

ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী , ভাৰত ৰত্ন  অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ স্মৰণেৰে শনিবাৰে  ৯৭ সংখ্যক জন্ম দিৱসটি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাৰ্হি মণ্ডল বিজেপিৰ উদ্যোগত   উদযাপন কৰা হয়।   প্ৰাক্তন জননেতা গৰাকীৰ এই পবিত্ৰ জন্ম জয়ন্তী   “সুশাসন দিৱস” হিচাবে বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় গেৰুৱা দলটোৰ উদ্যোগত। পুৱাই  মণ্ডলটোৰ বিভিন্ন ৰাজহুৱা স্থানত স্বচ্ছ ভাৰত অভিযান চলাই মণ্ডল বিজেপিৰ লগতে মণ্ডল যুৱ মৰ্চা , মহিলা মৰ্চাৰ কৰ্মকর্তা সকলে। ইয়াৰ পাছতে মণ্ডলটোৰ  অন্তৰ্গত হাৰ্হি অঞ্চলৰ শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকণ প্ৰতিযোগিতা। গোবিন্দপুৰ মজলীয়া বিদ্যালয় প্ৰাঙ্গনত শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ সঞ্চালনা আৰু মূল্যায়ন কৰে বিশিষ্ট চিত্ৰ শিল্পী , গুৱাল গাঁওৰ চিত্ৰ কলা সাধক হীৰা শইকীয়াই। বিভিন্ন শিক্ষানুষ্ঠানৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই চিত্ৰাংকণ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অর্জন কৰা  প্ৰতিযোগী সকলৰ লগতে অন্যান্য অংশগ্ৰহণকাৰী  সকলকো  পুৰস্কৃত কৰা হয়। হাৰ্হি মণ্ডল বিজেপিৰ সভাপতি প্ৰণৱজিত  গগৈ , উপসভাপতি লক্ষীনন্দন শইকীয়া , সাধাৰণ সম্পাদক ক্ৰমে পদ্মেশ্বৰ শইকীয়া আৰু  বিপুল দত্ত , মণ্ডল কিষাণ মৰ্চাৰ সভাপতি অনিল সেনাপতি, জিলা সামাজিক মাধ্যম কোষৰ সহ-আহ্বায়ক দুদু শইকীয়া,  জিলা  কিষাণ মৰ্চা সামাজিক মাধ্যম কোষৰ আহ্বায়ক পার্থ প্রতিম দত্ত, মণ্ডল সামাজিক মাধ্যম কোষৰ আহ্বায়ক মৃদুল বৰপাত্ৰ, চাহ মর্চাৰ সভাপতি বিধান বৰিক, বিজয় টাৱ, যুৱ মৰ্চাৰ প্রাক্তন সভাপতি ৰাজীৱ শইকীয়াৰ লগতে দলীয় কৰ্মী সকল  উপস্থিত থকা দিৱসত প্ৰয়াত জননেতা বাজপেয়ীৰ জীৱন দৰ্শন, কৰ্ম দক্ষতা আৰু ভাৰতবর্ষক শক্তিধৰ  হিচাবে গঢ় দিয়াৰ লক্ষ্যৰে  আত্মোৎস্বৰ্গাৰ মহান আৰু অনুকৰণীয় অৱদান সন্দৰ্ভত চমু অবলোকণ কৰে মণ্ডল সভাপতি প্ৰণবজিত গগৈয়ে। দিৱসৰ কাৰ্যসূচীত বিশিষ্ট চিত্ৰ শিল্পী হীৰা শইকীয়াক   বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.