হিমগৃহ উদ্ভাৱনেৰে সু-খবৰ কঢ়িয়াই আনিছে অবিনাশে

0 278

কৃষক সকললৈ সু খবৰ কঢ়িয়াই আনিছে ধেমাজিৰ এজন যুৱকৰ উদ্ভাৱনে। ধেমাজি চহৰৰ অবিনাশ উপাধ্যায় নামৰ যুৱকজনে দুজন সহযোগী বন্ধুৰ সতে মিলি উদ্ভাৱন কৰিছে হিমগৃহ। এই হিমগৃহৰ জৰিয়তে বিদ্যুতৰ অবিহনে শাক-পাচলি, ফল-মূল ২ মাহৰ পৰা ৩ মাহ পৰ্য্যন্ত সংৰক্ষণ কৰিব পৰা যাব।

কেমিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ অবিনাশে অনুৰাগ আগৰৱালা আৰু আকাশ আগৰৱালা নামৰ দুজন সতীৰ্থৰ সহযোগত নিউ লিফ ডাইনেমিক টেকন’ল’জি নামৰ কোম্পানীৰ অধীনত এই হিমগৃহ উদ্ভাৱন কৰি উলিয়াইছে। জানিব পৰা মতে মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰৰ সহযোগত বিদ্যুৎ সংযোগ বিহীন হিমগৃহ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।

ইতিমধ্যে লণ্ডনৰ ৰয়েল গ্রুপৰ বিশেষ চেমিনাৰত  অবিনাশে তৃতীয়  স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বিদ্যুত বিহীনভাবে হিমগৃহ  পেলনীয়া শাক-পাচলি খৰিৰ পৰা চালিত হয়। অসম চৰকাৰে যদি গুৰুত্ব আৰোপ কৰে অসমতো হিমগৃহৰ সুবিধা দিব পাৰিব বুলি অবিনাশে কয়।

(সহযোগ কৰিলে ধেমাজিৰ পৰা বিজন শৰ্মাই।)

Leave A Reply

Your email address will not be published.