গৰম দিনৰ উপকাৰী কেইবিধ মান ফল

0 375

গৰমৰ দিন। সূৰ্য্যৰ তাপে ত্ৰাহি মধুসোধন দেখাইছে। গৰমৰ পৰা অলপ হ’লেও সকাহ বিচাৰি সকলোৱে বিভিন্ন পন্থা অৱলম্বন কৰিছে।একাংশই যদি পিন্ধাক লৈ বিমোৰত পৰিছে, আন একাংশই আকৌ খোৱা বস্তু নিৰ্বাচন কৰি চিন্তিত হৈ পৰিছে। সততে সকলোৱে গৰমৰ পৰা ৰক্ষা পাবলৈ হেঁপাহ পলুৱাই পানী খাইছে। আজি আপোনালোকক জনাব বিচাৰিছো ৫ বিধ ফলৰ উপকাৰীতাৰ বিষয়ে। যিবোৰ ফলৰ পৰা অলপ হ’লেও সকাহ পাব পাৰি। তাৰ ওপৰত ভিত্তি কৰিয়ে প্ৰস্তুত কৰা হৈছে আজিৰ সমসাময়িক শিতানৰ এক লেখা।

সাধাৰণতে বেছি গৰম লাগিলে আমি পানীৰ সলনি নেমু পানীৰ চৰবত ব্যৱহাৰ কৰো। নেমু পানী সকলোৰে বাবে উপকাৰী। কাৰণ ইয়াত ভিটামিন ‘চি’ৰ উপকৰণ থাকে। যাৰ দ্বাৰা চাল আৰু চুলি সুন্দৰ হৈ উঠে।

দ্বিতীয় ফল বিধ হ’ল ডাৱ নাৰিকল। ডাৱৰ পানীয়ে শৰীৰটোক শীতল কৰি ৰাখে।

তৃতীয় বিধ ফল হ’ল তৰমুজ। তৰমুজত কাৰ্ব হাইডেট্ৰৰ পৰিমাণ অধিক থাকে। তৰমুজ খালে শৰীৰটো শীতল হৈ থাকে।

চতুৰ্থ বিধ হৈছে কুঁহিয়াৰৰ ৰস। এইবিধ অৱশ্যে মধুমেহ ৰোগীয়ে খাব নোৱাৰে। কিন্তু অধিকাংশ ব্যক্তিয়ে দোকান বিলাকত কুঁহিয়াৰৰ ৰস বিচাৰি ভিৰ কৰা দেখা যায়।

পঞ্চম বিধ হ’ল তিয়ঁহ। তিয়ঁহ চালাড কৰি খাইও গৰমত ৰিলেক্স পাব পাৰি। 

গৰমত খাব পৰা খাদ্য বস্তু সম্পৰ্কে বিশেষজ্ঞ দীপাংকী দেৱীয়ে কি কয় আহক চোন জানো- এজন সম্পূৰ্ণ সুস্থ ব্যক্তিয়ে নেমু, তৰমুজ, ডাৱৰ পানী, তিয়ঁহ, একো একোটা দিনত তালিকাত অন্তৰ্ভুক্ত কৰি ৰাখিব পাৰে। কাৰণ ইয়াৰ প্ৰত্যেকটোৱে আমাৰ বাবে প্ৰয়োজনীয়। চাল, চুলিৰ সমস্যা যেনে এলাৰ্জি, খজুৱতি, কিডনী আৰু বিশেষকৈ দেহৰ ভাৰসাম্যতা ৰক্ষা কৰাত এই ফল-মূলৰ অৱদান থাকে। দৈনিক ২.৫ লিটাৰ পানী খাব লাগে। মছলা জাতীয় খাদ্য, মাংস আদি পৰিত্যাগ কৰিব লাগে। খাদ্যৰ তালিকাত পইতাভাত, জাতি লাও কোমোৰা, জিকা আদি ধৰণৰ পাচলি ৰাখিব লাগে।

এয়া আছিল থোৰতে কেইবিধমান বতৰৰ ফলৰ উপকাৰীতা সম্পৰ্কত এক লেখা। এনে ধৰণৰ খবৰৰ বাবে লগ ইন কৰি পঢ়িবলৈ নাপাহৰিব www.nefocus.com ।

Leave A Reply

Your email address will not be published.