শৰণীয়াস্থিত গান্ধী মণ্ডপত উদযাপন কৰিবলৈ লোৱা ১৫২ সংখ্যক মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী প্ৰস্তুতিৰ অৰ্থে বুধবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীস শৰ্মা, অতিৰিক্ত উপায়ুক্ত শৰ্মিষ্ঠা বৰা, গুণজিৎ ৰায় চৌধুৰী, বিপুল দাস আৰু সুস্বপ্না কাকতি, মহকুমাধিপতি (সদৰ) ত্ৰিদিব ৰয়, প্ৰশাসনৰ তথা বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থকা এই সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে গান্ধী জয়ন্তী উদযাপন কৰিবলৈ লোৱা গান্ধী মণ্ডপত আৰক্ষী বিভাগৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ কৰণীয় সকলো কাম আগতীয়াকৈ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰাপত্তা, অনাময় ব্যৱস্থা, চাফ-চিকুনতা, খোৱাপানী যোগানৰ উপৰি আসন আৰু মঞ্চৰ ব্যৱস্থাপনা, চিকিৎসা ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপায়ুক্তগৰাকীয়ে সকলো বিভাগকে আঁসোৱাহ নথকাকৈ কামসমূহ সুচাৰূপে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে, জাতিৰ পিতা মহাত্মা গান্ধীৰ এই জন্ম দিৱসৰ অনুষ্ঠানটোত মহা মানৱগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান