গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত পহিলা নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ২৮ সংখ্যক আন্তৰ্জাতিক গুৱাহাটী বাণিজ্য মেলা আয়োজন কৰা হৈছে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড ফেয়াৰ এছ’চিয়েশ্যন অৱ আছাম (আইটিএফএএ)ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে আইটিএফএএ, এন ই আৰৰ উপ-সভাপতি ৰাজেশ দাসে। তেওঁ লগতে কয়- ৩ নৱেম্বৰৰ আবেলি ৪ বজাত গুৱাহাটী বাণিজ্য মেলাৰ স্থানত অসমৰ ছয়গৰাকী বিশিষ্ট ব্যক্তি- ডাঃ নোমল বৰা, নেলী আহমেদ, অৰুণ শৰ্মা, সঞ্জীৱ নাৰায়ণ, শ্বেখ ব্ৰাদাৰ্ছ আৰু সঞ্জীব সভাপণ্ডিতক গুৱাহাটী বাণিজ্য মেলা উৎকৰ্ষ বঁটা প্ৰদান কৰা হ’ব। সেইদিনাই মেলাখন আনুষ্ঠানিকভাবে মুকলি কৰা হ’ব। এই মেলাৰ লগত সংগতি ৰাখি চিত্ৰাংকণ, আধুনিক নৃত্য আৰু ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিজয়ী সকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।’ মেলাখনত টাটা মটৰ্ছ, ভাৰতীয় উদ্যোগ বিকাশ প্ৰতিষ্ঠান (ইডিআইআই)য়ে অংশগ্ৰহণ কৰিব। এভন ফিটনেছ সামগ্ৰী, তৰু’ছ উদ্যোগ, কামাখ্যা নাৰ্চাৰী, প্ৰেষ্টিজ, পদম বুকচ, ফাৰ্নিচাৰ হাব, ট্ৰাইফেড, কুটচিনা, হিন্দৱেৰ, এম্বিচন মালয়েচিয়ান কোকাৰী আৰু মেলামাইন, গিফ্টাচিও, ফুটৱেৰ, পাঞ্জাৱ হস্ততাঁত, মায়া ইলেক্ট্ৰনিক্স, স্মাৰ্ট চেভ, পেচন কাৰ্পেট, এম এম চিল্ক, ৰয়েল উড ফাৰ্নিচাৰ, ৰাজস্থানী আচাৰ, গুজৰাটি নমকিন, জয়পুৰ টেক্সটাইল, গাজক, কিৰমানিয়া কাশ্মীৰ হস্ততাঁত, উত্তৰ প্ৰদেশ হস্ততাঁত, পুতলা, আয়ুৰ্বেদিক সামগ্ৰী। থাই সামগ্ৰী, আফগানিস্তান, বাংলাদেশৰ জামদানি শাৰী আৰু আন বহুতো সামগ্রী উপলব্ধ হ’ব। মেলাখনত এনএছআইচি আৰু ডিচি (হস্তশিল্প)ৰ দুটা বিশাল পেভিলিয়ন থাকিব য’ত সমগ্ৰ দেশৰ উদ্যোগীসকলে অংশগ্ৰহণ কৰিব। এই মেলাত প্ৰায় ২০০ বিপণীয়ে অংশগ্ৰহণ কৰিব। মেলাৰ প্ৰৱেশ পত্ৰৰ মূল্য ৩০ টকা ধাৰ্য কৰা হৈছে। এন এছ আই চি,এমএছএমই, ডিচি (হস্তশিল্প) টেস্ক্সটাইল মন্ত্ৰালয়, দ্য আছাম ট্ৰিবিউন আৰু অসম বাণিজ্য প্ৰচাৰ সংস্থা (এটিপিঅ’)ৰ সহযোগত অনুষ্ঠিত হ’ব লগীয়া মেলাত সকলোৰে উপস্থিতি কামনা কৰিলোঁ।’ সংবাদ মেলত আইটিএফএএ, এন ই আৰৰ সম্পাদকদ্বয় ৰাজীৱ দাস,মিত দাস, কোষাধ্যক্ষ প্ৰবীণ ঠাকুৰ উপস্থিত থাকে।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers