২জন মেধাৱীৰ মনৰ খবৰে…

0 280

কালি ঘোষণা হ’ল কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। অসমলৈ কেবাগৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰ বাৰ্তা কঢ়িয়াই আনিলে। তাৰ ভিতৰত বিপাশা কলিতা আৰু পাৰ্থ প্ৰতিম দাসৰ সৈতে হোৱা কিছু সাক্ষাৎকাৰৰ অংশ nefocus.com ত আগবঢ়োৱা হ’ল – 

সম্প্ৰতি নগাঁওত উপঅধীক্ষক হিচাপে কৰ্মৰত বিপাশা কলিতাই তেখেতৰ সফলতাৰ বিষয়ে এনেদৰে কয় – সৰুৰে পৰা পোৱা ঘৰৰ সুন্দৰ পৰিবেশে মোক এনে এটা পৰীক্ষাত বহাৰ বাবে অনুপ্ৰাণিত কৰিছিল। মোৰ দেউতা আৰু মায়ে আমাৰ বাবে যথেষ্ট কৰিছিল। মোৰ ভণ্টি আৰু স্বামীয়ে অনুপ্ৰেৰণা যোগাইছিল। যাৰ বাবে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’লো।

মই ভাবো আজিকালি ইণ্টাৰনেটত যিহেতু সকলো তথ্য উপলব্ধ। সেয়েহে দিল্লীত গৈ কচিং কৰাৰ প্ৰয়োজনীয়তা নাই। The Hindu আৰু Indian express কাকতে এই ক্ষেত্ৰত সহায় কৰিছিল। দৈনিক ১০ ঘণ্টাকৈ প্ৰস্তুতি চলাইছিলো। মই ভাবো কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে কোনো কামত সফলতা লাভ কৰিব পাৰি।

আনহাতে লোকসেৱা আয়োগত স্থান লাভ কৰা পৰীক্ষাৰ্থী হ’ল পাৰ্থ প্ৰতিম দাস। যোৰহাট সবাইবন্ধাৰ পাৰ্থ প্ৰতিম দাসে বৰ্ত্তমান শিৱসাগৰত ডি এছ পি হিচাপে কৰ্মৰত হৈ আছে। তেখেতে লোকসেৱা আয়োগৰ প্ৰস্তুতিৰ সম্পৰ্কে এনেদৰে কয় – বন্ধুৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মন মেলো। পুলিচৰ চাকৰি ব্যস্ততা বহুত। তাৰ মাজতে দৈনিক ৩ ঘণ্টাকৈ সময় পঢ়াত দিছিলো। The Hindu paper, Times of India ত প্ৰকাশ পোৱা প্ৰবন্ধবোৰ নিয়মীয়াকৈ পঢ়িছিলো।

বিশেষকৈ ৰাজ্যসভা টি ভি চাইছিলো,NCRT কিতাপ অধ্যয়ন কৰিছিলো। ইণ্টাৰনেটৰ জৰিয়তে বহুতো তথ্য লাভ কৰিছিলো। মোৰ সফলতাৰ মূলমন্ত্ৰ দৃঢ়তা আৰু নেৰানেপৰা চেষ্টা। উল্লেখযোগ্য যে পূৰ্বৰ তুলনাত প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ পৰীক্ষাৰ্থীয়ে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হোৱাটো সচেতন মহলত সুখবৰ বুলি বিবেচিত হৈছে।

Leave A Reply

Your email address will not be published.