২০২২ বর্ষত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত জব্দ ৯,৪০০ টা গৰু , ১৩ কৌটি টকাতকৈ অধিক টকাৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী জব্দ

0 149

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্যত নিয়োজিত হৈ আছে। বিগত ২০২২ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ যোৱা এটা বছৰত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৯,৪০০ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে। একে সময়তে ৫১,৬১৫ টা বটল ফেন্সিডাইল, ৫১৯৬ কেজি ভাং, ৪৭,০৬৩ টা য়াবা টেবলেট, ৫.১৩ লাখ টকাৰ নকল ভাৰতীয় টকা আৰু দুটা দেশত নিৰ্মিত পিষ্টল জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে অভিযানত বি.এছ. এফে সীমান্তত ১৫৫ জন ভাৰতীয় আৰু ৭৯ জন বাংলাদেশী চোৰাং কাৰবাৰী-সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে জব্দ কৰা সামগ্ৰী সমূহৰ বজাৰ মূল্য হ’ব প্ৰায় ১৩.০৫ কৌটি টকা। এই তথ্য প্ৰকাশ কৰিছে সীমান্ত নিৰাপত্তা বাহিনীৰ (বি.এছ এফ) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে। বি.এছ.এফে ২০২২ বৰ্ষৰ বাৰ্ষিক পৰ্যালোচনামূলক প্ৰতি প্ৰতিবেদনৰ তথ্য অনুসৰি বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে। বৰ্তমান ১৪৫ টা বৰ্ডাৰ আউট পোষ্টৰ জৰিয়তে বি এছ এফে পহৰা দি আহিছে আৰু ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেনসিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে। একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি এছ এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, চাফাই অভিযান, গছপুলি ৰোপণ, কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ, বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ কৰি আহিছে। তেনেদৰে সীমান্তৰ সীপাৰৰ পৰা যাতে ভাৰতলৈ কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ (বি. জি.বি) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। আনহাতে ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত ২৫,০০০ জন বিষয়া-জোৱানক লৈ ২৫ টা বেটেলিয়ানৰে গঠন কৰা বি. এছ.এফৰ বৰ্তমান বেটেলিয়ানৰ সংখ্যা হ’ল ১৯৩ টা আৰু মানৱ সম্পদৰ সংখ্যা ২.৬৫ লাখতকৈ অধিক। আনহাতে বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক কমলজিৎ সিং বনিয়ালে সদৰি কৰা অনুসৰি বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওক কিয় তাক সদায় সাহসেৰে মোকাবিলা কৰি আহিছে।

Leave A Reply

Your email address will not be published.