২০২৩-২৪ বৰ্ষৰ বাজেটে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব- মুখ্যমন্ত্ৰী

0 121

বিত্ত মন্ত্ৰী অজন্তা নেওগে অসম বিধান সভাত আজি দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটখনক মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই এখন জনকল্যাণমুখী বাজেট বুলি অভিহিত কৰে।সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে আজি দাখিল কৰা বাজেটখনে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ-সামাজিক সৱলীকৰণ আৰু সম বিকাশ সুনিশ্চিত কৰিব। তেওঁ কয় যে বাজেটখনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ আশা-আকাংক্ষা পূৰণৰ দিশত এক মাইলৰ সুঁতি হিচাপে পৰিগণিত হ’ব আৰু ইয়াৰ জৰিয়তে অসমে প্রতিটো ক্ষেত্ৰতে উজলি উঠাৰ পথ প্রশস্ত হৈ পৰিব।

ৰাজ্যখনৰ ২ লাখ যুৱক-যুৱতীক স্বনিয়োজনৰ সুবিধা প্রদান কৰিব পৰাকৈ বাজেটত ৫ হাজাৰ কোটি টকাৰ আৱণ্টন কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ই এক বৈপ্লবিক পদক্ষেপ। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ যুৱক-যুৱতীসকলে স্বনিৰ্ভৰশীল হৈ উঠাৰ দিশত সহায়ক হৈ উঠিব। যোৱা বিধানসভাৰ নিৰ্বাচনৰ সময়ত মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ যি প্ৰতিশ্ৰুতি প্রদান কৰা হৈছিল তাক ৰূপায়নৰ দিশতো এই বাজেটত ব্যৱস্থা ৰখা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যখনৰ ৩.২৭ লাখ আত্ম-সহায়ক গোটৰ ৩৯ লাখ সদস্যই উপকৃত হ’ব পৰাকৈ এই বাজেটত পুঁজি ধাৰ্য কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে এই আত্ম-সহায়ক গোটৰ সদস্যসকলে ঘৰুৱা উদ্যোগ গঢ়ি তোলাৰ দিশত বিত্তীয় সাহায্য লাভ কৰিব।মুখ্যমন্ত্ৰীয়ে কয় যে অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ বাবে কেন্দ্রীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ লেখীয়াকৈ মুখ্যমন্ত্ৰী আয়ুম্মান অসম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে মুখ্যমন্ত্ৰী আৱাস যোজনা এইবাৰৰ বাজেটৰ আন এক উল্লেখযোগ্য দিশ।মুখ্যমন্ত্ৰীয়ে নতুন আৰু পুনৰ উত্থানশীল অসমৰ সম্ভাৱনাক প্রতিফলিত কৰাকৈ বাজেট প্রস্তুত কৰাৰ বাবে বিত্তমন্ত্ৰী আৰু তেওঁৰ বিষয়া-কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.