৩০ নং চাংগা মাজুলীৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰিষদীয় সভা সম্পন্ন

0 145

সোমবাৰে ৩০নং চাংগা মাজুলীৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰিপুৰক পূঁজি এককোটি চাৰিলাখ একাৱন্ন হাজাৰ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ এককোটি উণচল্লিছ লাখ টকা আঁচনি গ্ৰহণ কৰিবৰ বাবে পৰিষদীয় সভা উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় ৷ ডিম্বেশ্বৰ খনিকৰে পৰিচালনা কৰা সভাখনত নিলকান্ত দলেয়ে গাঁও সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰিও বিগত মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ খতিয়ান দাঙি ধৰে ৷ উক্ত সভাত ৩০ নং চাংগা মাজুলী সমষ্টিৰ জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, গাঁও উন্নয়ন সমিতি, যুৱকসংঘ, লাট গাঁওবুঢ়াৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়-ববীয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোনাধৰ দলে,ছমহীয়াআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক প্ৰৱীণ দত্ত,শান্তিৰাম সেনাপতি, বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকয়িত্ৰী অৰুণা সেনাপতি , গেজেৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰিয়নাথ দলে , কুমাৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহঃ শিক্ষক মেম্বৰ দলে ,ৰাজকুমাৰ লাগাছু ,নিপেন শইকীয়া আদি ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে ৷ প্ৰতিজন বক্তব্যই এমএচিৰ কাম-কাজৰ ওপতৰ সন্তুষ্ট প্ৰকাশ কৰি এমএচি ব্যৱস্থা আৰু এই সমষ্টিৰ প্ৰতিনিধি গৰাকীয়ে সকলো ৰাইজক লগত লৈ কাম কৰা বাবে শলাগ জনাই ৷ সভাত উপস্থিত থাকে জ্যেষ্ঠ সংগঠনৰ কৰ্মী হৰিপ্ৰসাদ পেগু, সদস্য সল্মিলিত গণশক্তি অসম কেন্দ্ৰীয় সমিতি প্ৰেমধৰ দলে, সন্মিলিত গণশতি অসম কেন্দ্ৰীয় সমিতিৰ সদস্য চাপ্পল দলে, সন্মিলিত গণশক্তি অসম উজনি মাজুলী ব্লক সমিতিৰ সম্পাদক দিলিপ বৰা, জিলা পৰিষদ সদস্য দেৱজিৎ পাতিৰ, এমএমকে কেন্দ্ৰীয় সমিতিৰ সদস্য ৰাজীৱ পেগু, টিএমপিকে কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক ৰামগোবিন্দ দলে, এমএমকে মাজুলী জিলা সমিতি সম্পাদক ৰিখি দলে, টিএমপিকে মাজুলী জিলা সমিতিৰ সভাপতি টুটু পাংগীং আৰু সন্মিলিত নাৰীশক্তি অসম উজনি মাজুলী ব্লক সমিতি সম্পাদিকা বিদ্যাৱতী পাটিৰ আদি উপস্থিত থাকে।
বাতৰি যুগুতালে মাজুলীৰ পৰা প্ৰাঞ্জল প্ৰণয় গাৰে।

Leave A Reply

Your email address will not be published.