ক`ৰণা আতংকৰ মাজতে অসমবাসীৰ লগতে কোকৰাঝাৰ আৰু ধুবুৰী বাসীৰ বাবে এটা সুখবৰ। ৩৮ বছৰৰ পিছত পুনৰ মুকলি হ’ল ৰূপসী বিমানবন্দৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ কেন্দ্ৰীয় গড়কাপ্তানী বিভাগৰ দ্বাৰা ১৯৪৩ চনত নিৰ্মাণ কৰা হৈছিল ৰূপসী বিমানবন্দৰ। বিমানবন্দৰটো ব্যৱহাৰ কৰিছিল আমেৰিকাৰ দশম স্কোৱাড বাহিনীয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ১৯৭১ চনত ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় বায়ু সেনাই ব্যৱহাৰ কৰিছিল বিমান বন্ধৰটো। ১৯৫০ পৰা ১৯৬০ চনলৈ ব্যৱসায়িক কাম-কাজত কলিকতাৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিল বহু যাত্ৰীয়ে।সামৰিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰূপসী বিমানবন্দৰটোৱে। বিমানবন্দৰটোৰ পৰা চীন, ভূটান, নেপাল, বাংলাদেশৰ দূৰত্ব অতি সুবিধাজনক স্থানত আছে। ২ হাজাৰ মিটাৰ দৈৰ্ঘ্যৰ ৰানৱে থকা বিমানবন্দৰটো দক্ষিণ-পূব এছিয়াৰ লগত সামৰিক, বাণিজ্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ১৯৮১ চনত ৰূপসীৰ পৰা অন্তিমটো বায়ুদূতৰ বিমান উৰা মাৰিছিল। দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকাৰ পিছত ২০২০ চনৰ ডিচেম্বৰ মাহত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু আজি দিনৰ ১১.৪০ মান বজাত FLYBIG নামৰ প্ৰথমখন যাত্ৰীবাহী বিমান ৩০ গৰাকী যাত্ৰী লৈ ৰূপসী বিমান বন্দৰত অৱতৰণ কৰে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ