ৰঙিয়া নগৰত একক ব্যৱহাৰযোগ্য প্লাষ্টিক-পলিথিন নিষিদ্ধ- গৃহ-প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন বাধ্যতামূলক

0 231

ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক আদেশ অনুসৰি অহা ১ মে’ তাৰিখৰ পৰা ৰঙিয়া নগৰ এলেকাত একক ব্যৱহাৰযোগ্য তথা ৭৫ মাইক্রনতকৈ কম ঘনত্বৰ প্লাষ্টিক তথা পলিখিনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। পৌৰসভা এলেকাত যিকোনো জাৱৰ, পলিথিন, বটল, আদি নলা-নৰ্দমা আৰু মুকলি ঠাইত পেলোৱাটো নিষিদ্ধ কৰাৰ লগতে জাৱৰ তথা প্লাষ্টিক আৱৰ্জনাৰ মুক্ত দহন কাৰ্যও নিষিদ্ধ কৰা হৈছে। আনহাতে চহৰখনৰ প্রত্যেক গৃহ আৰু প্ৰতিষ্ঠানৰ সমুখত ভিজা আৰু শুকান জাৱৰ পৃথকীকৰণৰ বাবে নীলা আৰু সেউজীয়া ৰঙৰ দুটাকৈ ডাষ্টবিন ৰখাটো বাধ্যতামূলক কৰা হৈছে। প্রতিষ্ঠান তথা গৃহৰ সন্মুখত জাৱৰ জমা হ’লে সংশ্লিষ্ট গৃহ তথা প্ৰতিষ্ঠানৰ গৰাকীসকলক দায়বদ্ধ কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে উপৰিউক্ত নিয়মসমূহ ভঙ্গ কৰিলে পৌৰবিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি দুহেজাৰ টকা পৰ্য্যন্ত জৰিমনা বিহা হ’ব বুলি জানিবলৈ দিয়া হৈছে। পৰিৱেশৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে এখন সুন্দৰ আৰু সেউজ নগৰী গঢ়াৰ স্বাৰ্থত ৰঙিয়াৰ পৌৰপতিয়ে উল্লিখিত আদেশসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰঙিয়াবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.