ৰঙিয়া পৌৰসভাৰ নিৰ্বাচন নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব অতিৰিক্ত উপায়ুক্তৰ

0 214

অহা ৬ মাৰ্চত অনুষ্ঠিত ৰঙিয়া পৌৰসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত তথা অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশে, এক সংবাদ মেলত সম্বোধন কৰে । মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত উক্ত সংবাদ মেলত ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত‌ গৰাকীয়ে নিৰ্বাচন নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় – সহযোগিতা কামনা কৰে । নিৰ্বাচন স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতে নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বিশেষকৈ নিৰ্বাচনী প্ৰক্ৰিয়াটো যাতে নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰিব পৰাকৈ কোনো দল বা প্ৰাৰ্থীয়ে অবৈধভাৱে ধনৰ লেনদেন কৰাৰ তথ্য পালে অথবা ভোট দাতাক প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে নিৰ্বাচনী বিষয়া অথবা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় । তেখেতে লগতে ভোটদাতা সকলকো কোনো প্ৰলোভনত ভোল নগৈ বিবেকেৰে ভোট দিবলৈ আহ্বান জনায় । তেখেতে কয় যে, এইবাৰ পৌৰসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বেলট কাকতৰ পৰিৱর্তে ই ভি এম যোগে ভোটগ্ৰহণ কৰা হ’ব । উল্লেখ্য যে, ৰঙিয়া পৌৰসভা নিৰ্বাচনৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে।অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে ৰঙিয়া পৌৰসভা নিৰ্বাচন— ২০২২ ৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুযায়ী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ ২০ ফেব্ৰুৱাৰী ৰবিবাৰে পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ, নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হব ২০ ফেব্ৰুৱাৰী, ৰবিবাৰে। ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত ৯ মাৰ্চত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হব। আনহাতে, ৰঙিয়া পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ২৩ টা ভোট কেন্দ্ৰৰ ভিতৰত ২১ টা ৰঙিয়া বিধানসভা সমষ্টিত আৰু ২টা কমলপুৰ বিধানসভা সমষ্টি এলেকাৰ অন্তৰ্গত । পৌৰসভা এলেকাত মুঠ ভোটাৰ আছে ২২,২৫৯ গৰাকী। ইয়াৰ ভিতৰত ১০,৯৮১গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ১১,২৭৮ গৰাকী মহিলা ভোটাৰ । ইতিমধ্যে ১৫ ফেব্ৰুৱাৰীলৈ মনোনয়ন পত্ৰ দাখিল কৰিছিল ৩২ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰে ভিতৰত, ১নং ৱাৰ্ডত ৪ গৰাকী, ২ নং ৱাৰ্ডত ৫ গৰাকী, ৩নং ৱাৰ্ডত ২ ওগৰাকী, ৪নং ৱাৰ্ডত ২ গৰাকী, ৫নং ৱাৰ্ডত ৪ গৰাকী, ৬নং ৱাৰ্ডত ২ গৰাকী, ৭নং ৱাৰ্ডত ৩ গৰাকী, ৮ নং ৱাৰ্ডত ৩ গৰাকী, ৯ নং ৱাৰ্ডত ৪ গৰাকী আৰু ১০ নং ৱাৰ্ডত ৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

সংবাদ মেলত সম্বোধন কৰি ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশে জানিব দিয়ে যে, ৰঙিয়া পৌৰসভাৰ অধীনৰ ১০ টা ৱাৰ্ডৰ নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে অসম চৰকাৰৰ ভূমি অধিগ্ৰহণ আৰু সংস্কাৰ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰৱীৰ কুমাৰ দত্ত ,(অ. অ.সে. ) ক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে।আগন্তুক ৰঙিয়া পৌৰসভা নিৰ্বাচনৰ কাম – কাজ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্বাচন পৰ্যবেক্ষক ৰূপে উপস্থিত হোৱা দত্ত বৰ্তমান ৰঙিয়া আৱৰ্ত ভৱনত আছে । নিৰ্বাচন সংক্ৰান্তীয় ওজৰ-আপত্তি থাকিলে পৰ্য্যৱেক্ষক গৰাকীক ৯১০১১৪১৬৪৯ দূৰভাষ নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব বুলি তেখেতে জানিবলৈ দিয়ে।
ইফালে, ভাৰতীয় নিৰ্বাচন আয়োগে ভোটদাতাসকলক সজাগ কৰাৰ বাবে আৰম্ভ কৰা “মোৰ ভোট মোৰ ভৱিষ্যৎ-এটা ভোটৰ শক্তি” শীৰ্ষক প্ৰতিযোগিতাৰ বিষয়ে সংবাদ মেলত অংশগ্ৰহণ কৰি নিৰ্বাচন বিষয়া ড০ নীল হৰিৎ কৌশিকে প্ৰসংগক্ৰমে অৱগত কৰে । তেখেতে কয় যে, নিৰ্বাচন আয়োগৰ ৱেবচাইটত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব পাৰিব । ৫ টা শাখাত অনুষ্ঠিত কুইজ, শ্লোগান, গীত, ভিডিঅ’ মেকিং আৰু পোষ্টাৰ ডিজাইন প্ৰতিযোগিতাত ভাগ লৈ নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব পাৰিব বুলিও তেখেতে কয় । দেশৰ জনসাধাৰণৰ মেধা আৰু সৃজনীমূলক প্ৰতিভাৰ বিকাশৰ লগতে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে আমাৰ দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে Systematic Voters’ Education and Electoral Partcipation Programme ৰ অধীনত এই ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।সকলো বয়সৰ লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।ইয়াৰ জৰিয়তে গণতন্ত্ৰত এটা ভোটৰ গুৰুত্ব সম্পৰ্কত বিভিন্নজনৰ ভাৱ বহুলোকৰ মাজত বিনিময় হ’ব । সংবাদমেলত সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা,সহকাৰী আয়ুক্ত অম্লান বৈশ্য আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাও উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই…

Leave A Reply

Your email address will not be published.