ৰটাৰী ক্লাৱে প্ৰতিৰক্ষা বাহিনীক প্ৰশস্তি পত্ৰ প্ৰদান কৰিলে

0 263

শিৱসাগৰ দিৱসৰ লগত সংগতি ৰাখি আজি শিৱসাগৰৰ ৰ’টাৰী ক্লাৱৰ ফালৰ পৰা ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে কৰা যুঁজত অগ্ৰণী ভূমিকা পালন কৰি অহা জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা বাহিনীক এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে শিলসাগৰৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আজি এখন সভা অনুষ্ঠিত হয়। সভাত জিলা উপায়ুক্ত তথা জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ নিয়ন্ত্ৰক লক্ষীনন্দন গগৈয়ে শিৱসাগৰৰ ৰ’টাৰী ক্লাবৰ সভাপতি ডাঃ অৰুণ মাধৱ মহন্তৰ পৰা  প্ৰশস্তি পত্ৰ আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে।
 
 
সভাত উপস্থিত থাকি জিলা উপায়ুক্ত গৰাকীয়ে জিলাবাসীক শিৱসাগৰ দিৱস উপলক্ষে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। ৰটাৰী ক্লাৱৰ এই উদ্যোগক আন্তৰিকতাৰে শলাগ লয়। তেওঁ লগতে চিকিৎসক দিৱস উপলক্ষে জিলাখনৰ সমূহ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক অভিনন্দন জনোৱাৰ লগতে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত আগবঢ়োৱা অক্লান্ত সেৱাৰ বাবে সকলোকে ধন্যবাদ জনায়।
 
 
 
উল্লেখযোগ্য যে, আজিৰ সভাত শিৱসাগৰৰ ৰ’টাৰী ক্লাবৰ তৰফৰ পৰা জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগক ১০০ টা মাস্ক, ১৮ বটল হেণ্ড চেনিটাইজাৰ, ২৪ ডোখৰ চাবোন আৰু ১০ টা ৰেইন কোট প্ৰদান কৰা হয়। আজিৰ এই সভাত শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু মুন গগৈ, সহকাৰী আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী আৰু মনালী প্ৰসাদ ৰজককে আদি কৰি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিত দত্ত আৰু বিশিষ্ট ব্যক্তি আৰু স্বেচ্ছাসেৱক সকল উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.