১৯৯৮ চনত স্থাপন হোৱা গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত আজি বিয়লি ৩:৪৫ আৰু সন্ধিয়া ৬:৩০ বজাত মানিক ৰয়ৰ পৰিকল্পনা আৰু পৰিচালনাত দুবাৰকৈ মঞ্চস্থ হয় “মেজিক ষ্টিক” শীৰ্ষক শিশু নাটখন৷শিশু নাটকৰ ধাৰাক এক উন্নত পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে বিষ্ণু- নিৰ্মলা ভৱনস্থিত গুৱাহাটী শিশু নাট্য বিদ্যালয়ে নানান ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷শিশুৰ সৃজনশীল মনটোক বিভিন্ন ধৰণেৰে ভৰণ-পোষণ দিয়াৰ লগতে অভিনয় প্ৰশিক্ষণৰ উপৰিও শিশুৰ শাৰীৰিক,মানসিক আৰু ব্যক্তিত্বৰ বিকাশত গুৰুত্ব দি অহা বিদ্যালয়খনৰ আজিৰ নিবেদন “মেজিক ষ্টিক” নাটখনত পৰিচালক তথা নাট্যপৰিকল্পক মানিক ৰয়ে শিশু সমাজত প্ৰচলিত তিনিটা পৃথিৱী বিখ্যাত সাধু ‘সিংহ আৰু নিগনি’,’শহা আৰু কাছ’,’বুধিয়ক কাউৰী’ৰ সংমিশ্ৰণ কৰি নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰিছে৷নাটকীয় কাহিনী, চৰিত্ৰ ,সংলাপ সংযোজন কৰি দৰ্শকৰ বাবে বিশেষকৈ শিশুসকলৰ বাবে আগবঢ়োৱা মেজিক ষ্টিক নাটখনত বিজিত কুমাৰ দাস,আফতাব আহমেদ,সৃষ্টি শৰ্মা,চিন্ময় কৃষ্ণ সন্দিকৈ,ৰশ্মি ৰেখা শৰ্মা,বিৰিঞ্চি বড়া,অনিশা দত্ত,হাচান চাহনোৱাজ ইছলাম,নিকিতা শৰ্মা,পাৰ্থপ্ৰতীম বৰুৱা,জিতেন চুতিয়া,ওম কাশ্যপ,নিশাংকিতা শৰ্মা,সমীৰণ দাস,জিষ্ণু প্ৰতীম বৰুৱা,ধৃতিক ৰাজ ডেকা আদিয়ে সুঅভিনয় কৰে৷আৰ্চদ এ ৰহমান আৰু লেনিন বৰাৰ সংগীত,মৌমিতা শইকীয়াৰ ৰূপসজ্জা,প্ৰদীপ ৰয়ৰ মঞ্চসজ্জা,ডিম্পল দাসৰ পোহৰ,ৰেখা দাসৰ সাজসজ্জাৰ মেজিক ষ্টিক নাটখনৰ প্ৰযোজনা আছিল গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ৷
Trending
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ
- তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্য্যসূচী
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল