ৰবীন্দ্ৰভৱনত আজি সন্ধিয়া ৬ বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বৰ্তমানৰ সঞ্চালক যাদৱ শইকীয়াৰ নেতৃত্বত,গুৱাহাটীৰ “দৰ্পণ ডান্স অকাডেমী” আৰু সংগীত সত্ৰৰ সহযোগত যোৱা বৰ্ষত মহাপ্ৰয়াণ ঘটা পদ্মশ্ৰী ,সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ভাৰতৰ এগৰাকী যশস্বী নৃত্যবিশাৰদ, সমালোচক কোঠাৰীৰ স্মৃতিত “মোক্ষ” শীৰ্ষক ভাৰতীয় ধ্ৰুপদী নৃত্যৰ এক অনুষ্ঠান পৰিৱেশিত হয়৷এই অনুষ্ঠানটিত নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী,অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া স্বপ্ননীল বৰুৱা,আই এ এছ বিষয়া তথা সাংস্কৃতিক ব্যক্তিত্ব মাধুৰীমা বৰুৱা,প্ৰখ্যাত মূকাভিনয় শিল্পী মইনুল হক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ড° ৰঞ্জন কাকতি,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ মৃণালজ্যোতি ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷এইসকল বিশিষ্ট ব্যক্তিক অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰয়াত সুনীল কোঠাৰীৰ বিষয়ে কিছু কথাও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা ‘মোক্ষ’ শীৰ্ষক নৃত্য সন্ধিয়াটিত অৰুণাভজ্যোতি মালাকাৰৰ “খোল বাদন”,স্বনামধন্য নৃত্যশিল্পী অনিতা শৰ্মাৰ “গুৰু বন্দনাৰে সৈতে সত্ৰীয়া নৃত্য”,যশস্বী নৃত্যগুৰু বিপুল দাসৰ “কথক নৃত্য”,খ্যাতনমা নৃত্যশিল্পী তথা প্ৰৱক্তা ড° অঞ্জনাময়ী শইকীয়াৰ “ওডিচি নৃত্য” পৰিবেশনৰ লগতে গুৱাহাটীৰ সংগীত সত্ৰৰ শিল্পীসকলে ‘একলব্য’ আৰু আন এক সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে৷
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ