ৰাইজৰ কাষলৈ গৈ ওজৰ-আপত্তি শুনিব কামৰূপ মহানগৰ জিলা আয়ুক্তই-ৰাইজক প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাত বিশেষ গুৰুত্ব সুমিত ছাত্তাৱানৰ

0 146

ৰাইজক প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে৷যোৱা ৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা ছাত্তাৱানে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনাৰ লগতে খৰতকীয়া নিস্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ জিলা আয়ুক্তগৰাকীয়ে আগন্তুক একোটাকৈ দেওবাৰে জিলাখনৰ চাৰিটা ৰাজহ চক্ৰৰ এটাকৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বহি ৰাজহ চক্ৰটোৰ ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনিব৷ সেই অনুসৰি অহা ১৭ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত জিলা আয়ুক্তগৰাকী বশিষ্ট চাৰিআলিত থকা দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’ব আৰু ৰাজহ চক্ৰটোৰ এলেকাধীন ৰাইজৰ পৰা তেওঁলোকৰ ওজৰ-আপত্তি শুনিব৷ উল্লেখ্য যে দায়িত্ব গ্ৰহণৰ পাছতে বিষয়া-কৰ্মচাৰীৰ সৈতে হোৱা এখন বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সৰ্বসাধাৰণ ৰাইজৰ দাবী আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসা কৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিছিল৷ ৰাইজে তেওঁলোকৰ মূল্যবান সময় নষ্ট কৰি যাতে প্ৰাপ্য সেৱাৰ বাবে কাৰ্যালয়লৈ অহা-যোৱা কৰি থাকিবলগীয়া নহয় তাৰ বাবে জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে নিজেও অধিক কষ্ট কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছিল৷ ইয়াৰ অংশ হিচাপে জিলা আয়ুক্তগৰাকীয়ে দেওবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ পদক্ষেপ হাতত লৈছে৷

Leave A Reply

Your email address will not be published.