ৰাইন’ এক্সপ্ৰেছৰ অফিচিয়েল পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি

0 271

ৰাইন’ এক্সপ্ৰেছ নামৰ এক নতুন অসমীয়া মনোৰঞ্জন ধৰ্মী চলচ্চিত্ৰৰ প্ৰথমখন আনুষ্ঠানিক পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰা হয় গুৱাহাটীৰ চেন্টেল মলত ।অনুষ্ঠানটোত ছবিখনৰ কলা কুশলী তথা সহযোগী কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰেণ্য ব্যক্তি সকল উপস্থিত থকা দেখা পোৱা যায়।

উল্লেখযোগ্য যে এতিয়ালৈকে যিকোনো অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ পোষ্টাৰ হিচাপে বিবেচিত হৈছে ৰাইন’ এক্সপ্ৰেছ পোষ্টাৰ ।ইয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে চলচ্চিত্ৰ বিপণনৰ এক নতুন মাননিৰ্ধাৰণ কৰিব।

মণি সিনহাই পৰিচালনা কৰা এই বহু তাৰকাযুক্ত অসমীয়া মনোৰঞ্জন ধৰ্মী চলচ্চিত্ৰ খনত আছে প্ৰচুৰ হাস্যৰস,একচন তথ্য ৰোমাঞ্চ।চলচ্চিত্ৰ খনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা,উদয়ন দুৱৰা,অমৃতা গগৈ, বিবেক বৰা,জীৎ বৰুৱা আৰু ৰাজীৱ বৰঠাকুৰ।তাৰোপৰি সহায়ক ভূমিকাত অভিনয় কৰিছে জ্যেষ্ঠ অভিনেতা-অভিনেত্ৰী চেতনা দাস আৰু জয়ন্ত ভাগৱতীয়ে।৪ মাৰ্চত সমগ্ৰ অসমতে মুক্তি পাবলগীয়া চলচ্চিত্ৰ খন খুশী এণ্টাৰটেইনমেণ্টৰ অধীনত নিৰ্মাণ কৰিছে অজয় বাৰ্মাই।

Leave A Reply

Your email address will not be published.