২০১১ চনত দেৰগাঁওত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৭১ সংখ্যক অধিবেশনৰ ৰাহি পুজি (২৫,৬৮,৭৩৬) টকাক মুলধন হিচাপে লৈ ইয়াৰ ৰজাবাহৰ গাঁৱত নিৰ্মান কৰা আটকধুনীয়া ৰাজহুৱা পুথিভঁৰালৰ ভৱনটি কালি আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰা লগতে পুথিভঁৰালৰ সন্মুখত নিৰ্মাণ কৰা পদ্মকুমাৰ দত্ত স্মৃতি তোৰণৰ দ্বাৰ উদ্বোধন কৰে। অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি পুৱা দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্ৰভাত কুমাৰ ফুকনে পতাকা উত্তোলন , শিশু সাহিত্যিক অতুল মহন্তই স্মৃতি তৰ্পন কৰাৰ পিছতে পদ্মকুমাৰ দত্ত স্মৃতি তোৰণৰ দ্বাৰ উদঘাটন কৰে ড° কুতুবুদ্দিন আহমেদে। দিনৰ প্ৰায় বাৰমান বজাত ৰাজহুৱা পুথিভঁৰালৰ ভৱন আনুষ্ঠানিকভাবে ফিটা কাটি উদ্ধোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। মুল ভৱন উদ্বোধনৰ পিছতে ভৱনৰ ভিতৰত সুকীয়া সুকীয়াকৈ নিৰ্মাণ কৰা কেইবাটাও কোঠাৰ দ্বাৰ মুকলি কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। পুথিভঁৰালৰ মুল আহল-বহল কোঠাত দিনৰ এক মান বজাৰ পৰা এখন মুকলি সভা অনুষ্ঠিত হয়। ৰাজহুৱা পুথিভঁৰাল নিৰ্মান সমিতিৰ সভাপতি নুৰুল চুলতানৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাৰ প্ৰাকমুহুৰ্তত এটি মহিলা দলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীত পৰিবেশন কৰে। সভাত বশিষ্ট অতিথি সকলৰ চিনাকী আৰু সম্বৰ্দ্ধনাৰ পিছতে পুথিভঁৰাল নিৰ্মাণ সমিতিৰ সম্পাদক বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী ড° পৰাগ কুমাৰ ঠাকুৰে সভাৰ উদ্দেশ্য বাখ্যা কৰে। উদ্দেশ্য বাখ্যা শিতানতে ড° পৰাগ কুমাৰ ঠাকুৰে ৰাজহুৱা পুথিভঁৰালটিৰ জন্মৰ বিৱৰন দাঙি ধৰে। উল্লেখ্যযোগ্য বিষয় যে, ড° পৰাগ কুমাৰ ঠাকুৰ আছিল অসম সাহিত্য সভাৰ ৭১ সংখ্যক দেৰগাঁও অধিবেশনৰ আদৰণি সমিতিৰ সম্পাদক। এইগৰাকী ব্যক্তিৰ সৱল নেতৃত্বতৰ বাবেই ২০১১ চনৰ অধিবেশন সুচাৰুৰুপে অনুষ্ঠিত হৈ যোৱাৰ পিছত সকলো মিলাই প্ৰায় ২৯ লাখ টকা ৰাহি হৈছিল। অধিবেশনৰ ৰাহি পুঁজিক সম্বল হিচাপে লৈ কেইবছৰমান পূৰ্বৰ পৰা পুথিভঁৰালৰ নিৰ্মানৰ কাৰ্য্য কৰা হৈছিল। পুথিভঁৰাল নিৰ্মাণৰ ক্ষেত্ৰতো পৰাগ ঠাকুৰৰ অৱদান দেৰগাঁওৰ ইতিহাসত সোনালী আখৰে লিপিবদ্ধ হৈ ৰ’ব। মুকলি সভাখনত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। ৰাজবংশীয়ে তেখেতৰ ভাষণত অসম সাহিত্য সভাৰ দেৰগাঁও অধিবেশনৰ ৰাহি পুজিৰে আটকধুনীয়াকৈ পুথিভঁৰাল নিৰ্মাণ কৰা বিষয়টোক লৈ দেৰগাৱৰ ৰাইজক কৃতজ্ঞতা জনায়। সভাত অসম সাহিত্য সভাৰ বহুকেইগৰাকী বিষয়ববীয়া, তোৰণৰ দাতা পৰিয়ালৰ সদস্য তথা অন্যান্য বিশিষ্ট ব্যক্তিৰ লগতে দেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি হাজৰীকা কছাৰী আৰু কেইবাশতাধিক স্থানীয় সাহিত্যানুৰাগীয়ে অংশ লয়।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন