ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

0 150

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভাখন আজি শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। চলিত বৰ্ষৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সভাপতিত্ব কৰে। আজিৰ সভাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া,ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ প্ৰভাৰী পৱন শৰ্মা আৰু উত্তৰ-পূবৰ সমন্বয়ক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ উপস্থিত থাকে। কাৰ্যনিৰ্বাহকৰ আদৰণি ভাষণত সভাপতি কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সফলতাৰে দুটা বৰ্ষ অতিক্ৰম কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায়। দলৰ অনাগত কাৰ্যসূচীৰ ওপৰত বক্তব্য ৰাখি ভৱেশ কলিতাই কয়,বিজেপিৰ উদ্যোগত অসমৰ ১৪ টা লোকসভা সমষ্টিত হ’ব ১৪ টা বিশাল ৰেলীৰ লগতে কেইবাখনো বিশাল জনসভা অনুষ্ঠিত হব। এই জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাদ্দা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় অমিত শ্বাহ আৰু ৰজনাথ সিং উপস্থিত থাকিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সভাত ভাষণ প্ৰদান কৰি কয় যে,বিজেপিৰ জয়যাত্ৰা অব্যাহত থাকিবলৈ হ’লে কাৰ্যকৰ্তা সকল জনতাৰ কাষলৈ যাব লাগিব। তেওঁ লগতে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৱলীল নেতৃত্বত ভাৰতবৰ্ষ বিশ্বগুৰু হবলৈ তীব্ৰ গতিত আগুৱাই গৈছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনসাধাৰণ সৰ্বাংগীন বিকাশ হৈছে একেদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমতো বিকাশৰ বন্যা বৈছে।

আজিৰ সভাত ৰাজ্যিক সম্পাদিকা অপৰাজিতা ভূঞাই শোকপ্ৰস্তাব পাঠ কৰে। উপ সভাপতি ড০ ৰাজদীপ ৰয়ে ধন্যবাদ সূচক পাঠ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই সাংগঠনিক দিশত দলীয় কাৰ্যকৰ্তা সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা উত্তৰ- পূব ভাৰতৰ সমন্বয়ক সম্বিত পাত্ৰই কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে দলীয় কাৰ্যকৰ্তা সকলৰ কৰণীয় কাৰ্যৱলীৰ ওপৰত বক্তব্য প্ৰদান কৰে। আনহাতে ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই দলৰ অনাগত মহা জনসম্পৰ্ক অভিযান বক্তব্য প্ৰদান কৰাৰ লগতে আন এগৰাকী ৰাজ্যিক সাধাৰণ‌ সম্পাদক আৰু দিপ্লুৰঞ্জন শৰ্মাই দলৰ বুথ সৱলীকৰণ কাৰ্যসূচীৰ ওপৰত বক্তব্য প্ৰদান কৰে।

সভাত সামৰণি ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, অসম বিজেপিয়ে ভাৰতৰ ভিতৰতে উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছে।লোক সভাৰ নিৰ্বাচনৰ পূৰ্বেই অসমত ১৫০ মণ্ডল কাৰ্যালয় নিৰ্মাণ সম্পূৰ্ণ হব। দলৰ কাৰ্যকৰ্তা সকলক জনসাধাৰণ সুখ-দুখৰ সমভাগী হবলৈ আহ্বান জনাই ড০ শৰ্মাই কয় কাৰ্যকৰ্তা সকলে শাসক দলৰ নহয় বিজেপি মনোভাৱেৰে কাম কৰি যাব লাগিব। তেওঁ লগতে কয় অহা ২৫ মে’ অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ দিন। উক্ত দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দলৰ মহা অভিযান সম্পৰ্কৰ লগত সংগতি ৰাখি‌ শৰ্মাই দলীয় কাৰ্যকৰ্তা সকলক ৪৫ হাজাৰ যুৱক যুৱতীৰ লগতে ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰা বিহুৱা-বিহুৱতী সকলক শুভেচ্ছা জনাবলৈ আহ্বান জনায়। আজিৰ সভাত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, মুখপাত্ৰ, জিলা সভাপতিৰ লগতে সকলো কাৰ্যনিৰ্বাহক সদস্য উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.