ক্ৰীড়া ক্ষেত্রলৈ সুখবৰ।অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সমিতিয়ে যোৱা দুটা বছৰে মুখ্যমন্ত্রী ক্ৰীড়া বঁটা প্ৰদান কৰি আহিছে।এইবাৰো সৰুসজাই ষ্টেডিয়ামত ২৯ তাৰিখে মুখ্যমন্ত্রী ক্ৰীড়া বঁটা প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।এই অনুষ্ঠানত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।আজি অসম অলিম্পিক সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত লক্ষ্য কোঁৱৰে কয় যে চলিত বৰ্ষত অনুষ্ঠিত হোৱা চাউথ এছিয়ান গেমচত ৯ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ ৬ গৰাকী খেলুৱৈক মুখ্যমন্ত্রী ক্ৰীড়া বঁটা প্ৰদান কৰিব।পদক লাভ কৰা খেলুৱৈসকলৰ ভিতৰত হৰ্ষিতা চলিহা,ৰ’দালী বৰুৱা,হৰ্ষা সিং,শিবাঙ্গী শৰ্মা আৰু বিদ্যাংগ গগৈ।সোণ,ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈসকলক ডেৰ লাখ টকা,এক লাখ টকা আৰু ৭৫,০০০ টকা নগদ ধনেৰে পুৰস্কৃত কৰিব ।ইয়াৰ উপৰিও চাউথ এছিয়ান গেমচত টেবুল টেনিচ চেম্পিয়নশ্বিপত প্ৰথম পুৰস্কাৰ লাভ কৰা এজন খেলুৱৈক এক লাখ নগদ টকা উদগনিমূলকভাৱে দিয়া হ’ব বুলি লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে ।লগতে ২০১৬ চনত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰা ৭ গৰাকী খেলুৱৈৰ মাননী ইতিমধ্যে অনুমোদিত হোৱাৰ কথা জানিবলৈ দি তেখেতে কয় যে শিৱ থাপা,হাচিনা বেগম,জয়ন্ত তালুকদাৰ,মানসজ্যোতি চাংমাই,বিনীত ৰায়,হলিচৰন নাৰ্জাৰী আৰু সুপ্ৰিয়া গগৈক প্ৰাপ্য ধনৰাশি মুখ্যমন্ত্রীয়ে আগবঢ়াব ।ইয়াৰ লগতে ইন্টিগ্রেটেড স্পৰ্টচ পলিচি অনুসৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা দুজন খেলুৱৈক প্ৰথমবাৰৰ বাবে আৰ্থিক সাহাৰ্য্য আগবঢ়াব ।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan