ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলাৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়, হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু নাৰায়ণপুৰ স্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য পাঠশালাৰ বজালী মহাবিদ্যালয়, হোজাইৰ হোজাই মহাবিদ্যালয় আৰু লখিমপুৰৰ নাৰায়ণপুৰ মহাবিদ্যালয়ক ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ক’ভিড১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কাৰণে ছাত্ৰ ছাত্ৰী সকলে বহুখিনি অসুবিধাৰ সন্মুখীন হৈ পৰিছে। যাৰ বাবে এই ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নিৰ্দেশৰ বাবে ছাত্ৰ ছাত্ৰী সকলে এই তিনিওখন বিশ্ববিদ্যালয়তে উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি কৰিব পাৰিব।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন