ৰাজ্যৰ প্ৰথমটো হেলিপৰ্ট স্থাপন মাজুলীত

0 255

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি মাজুলীৰ গড়মূৰৰ কেৰেলা গাঁৱত অনিৰ্ধাৰিত পুঁজিৰ ৫০ লাখ টকা ব্যয়ৰে তিনিখন হেলিকপ্টাৰ সমসাময়িক ভাৱে অৱতৰণ কৰিব পৰাকৈ নিৰ্মিত হেলিপৰ্টৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে।মুখ্যমন্ত্ৰীয়ে লগতে ৫০ লাখ টকা ব্যয় সাপেক্ষে হেলিপৰ্টৰ অতিথি গৃহৰো শুভ উদ্বোধন কৰে।উল্লেখযোগ্য যে ৰাজ্য খনৰ প্ৰথমটো হেলিপৰ্ট মাজুলীত স্থাপন কৰা হৈছে।
উদ্বোধনীৰ পিছতে উপস্থিত থকা সাংবাদিকত সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে মাজুলীত পৰ্যটনৰ ক্ষেত্ৰত অধিক গতিশীল কৰিবলৈ এই হেলিপৰ্ট নিৰ্মাণ কৰা হৈছে।বৃহত্তম নদীদ্বীপ হিচাপে মাজুলীৰ সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় আছে।তেওঁ কয় যে মাজুলী হৈছে সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তাৰ প্ৰাণকেন্দ্ৰ।সেইবাবে মাজুলীক বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত তুলি ধৰাৰ বাবে ইয়াৰ পৰ্যটন আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছো।মুখ্যমন্ত্ৰীয়ে কয় যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত অধ্যয়ন আৰু গৱেষণা কৰাৰ বাবে মাজুলীলৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে।
হেলিপৰ্টটো নিৰ্মাণ হৈ উঠাৰ ফলত দেশী বিদেশী পৰ্যটক, গৱেষসকলে মাজুলীলৈ তাৎক্ষণিক ভাৱে অহাত সুবিধা হ’ব।মাজুলীৰ পৰ্যটন খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰাল ভাৱে পথ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ বাবে চৰকাৰে আন্তৰিকতাৰে আগবাঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে দলঙৰ কাৰিকৰী নিবিদা মুকলি কৰা হৈছে আৰু দুদিনৰ ভিতৰতে বিত্তীয় নিবিদা মুকলি হ’ব।
ইয়াৰ পিছতে দলং নিৰ্মাৰৰ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ’ব।লগতে জনায় যে দুখন ৰ’পেক্স ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰা হ’ব। অত্যাধুনিক এই ৰ’পেক্স মুকলি হ’লে মাজুলীৰ জলপথ যোগাযোগে নতুন মাত্ৰা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৭ ফেব্ৰুৱাৰীত ঢেকীয়াজুলীলৈ আহিব।উক্ত দিনাই প্ৰধানমন্ত্ৰীয়ে ৰাজ্য খনৰ দুখন চিকিৎসা মহাবিদ্যালয়ৰ আধাশিলা স্থাপন কৰিব বুলি উল্লেখ কৰি ৫০০০ কোটি টকা ব্যয় সাপেক্ষে অসম মালা নামৰ এখন অভিলাষী আঁচনি শুভাৰম্ভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।ইয়ে ৰাজ্য খনৰ পথ যোগাযোগ ব্যৱস্থাত নতুন মাত্ৰা সংযোজন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।লগতে জনায় যে অতি সোনকালে প্ৰধানমন্ত্ৰী মাজুলীলৈ আহিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সন্দৰ্ভত দিন নিৰ্ধাৰণ কৰিব বুলিও কয়।
আজি এই অনুষ্ঠানত ওৱা সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ চন্দ্ৰ দেৱগোস্বামী,দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবহী সদস্য মাধৱ দেউৰী,অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত,মাজুলীৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষককে ধৰি গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.