ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে

0 116

অসমৰ মুখ্য সচিব ড০ ৰবি কোটাই আজি ৰাজ্যখনৰ বান ব্যৱস্থাপনা সম্পৰ্কে পৰ্যালোচনা কৰে। বানপানীৰ সময়ত সন্মুখীন হ’ব পৰা বিভিন্ন প্ৰতিকূল পৰিস্থিতিসমূহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ উদ্যোগত বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধিসকলৰ উপস্থিতিত জনতা ভৱনৰ লোকসেৱা ভৱনৰ কাজিৰঙা সভাকক্ষত অনুষ্ঠিত এই উচ্চস্তৰীয় বৈঠকত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সকলো জিলা আয়ুক্তইও অংশগ্ৰহণ কৰে।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব তথা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ ত্ৰিপাঠীয়ে আৰম্ভণীতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু জিলা আৰু উপজিলাসমূহলৈ আগতীয়াকৈ মুকলি কৰি দিয়া পুঁজিৰ বিষয়ে উল্লেখ কৰে।

সভাত ইউনিচেফ অসমৰ তত্ত্বাৱধানত সাহায্য শিবিৰ সমূহত পানী পৰিশোধন ব্যৱস্থাকে ধৰি সাধাৰণ সা-সুবিধাসমূহৰ উপলব্ধতা সম্পৰ্কে কৰা মূল্যায়ণৰ বিষয়ে অৱগত কৰা হয়।

ইয়াৰ পিছতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি সম্পত্তি আৰু মানৱ সম্পদৰ ক্ষতি হ্ৰাস কৰিবৰ বাবে আগতীয়াকৈ কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গঢ়ি তোলা হৈছে, সেই সম্পৰ্কে সংশ্লিষ্ট প্ৰতিটো বিভাগৰ প্ৰতিনিধিসকলে সভাত অৱগত কৰে। এন ডি আৰ এফ, এছ ডি আৰ এফ, ডি ডি আৰ এফ, গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, অগ্নি নিৰ্বাপণ আৰু জৰুৰীকলীন সেৱা, জলসম্পদ বিভাগ, লোকনিৰ্মাণ পথ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, খাদ্য, অসামৰিক যোগান, ভাৰতীয় খাদ্য নিগম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, পশু পালন আৰু পশু চিকিৎসা, মহিলা আৰু শিশু বিকাশ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগে নিজ নিজ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে সভাত অৱগত কৰে।

বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ, ডিব্ৰুগড় আদি বিভিন্ন জিলাৰ প্ৰস্তুতি সম্পৰ্কতো মুখ্য সচিবগৰাকীয়ে বুজ লয়।

সভাত মুখ্য সচিব ড০ ৰবি কোটাই গোলাঘাটত উপায়ুক্তৰূপে যোগদান কৰাৰ সময়ত ছেপ্টেম্বৰ মাহত হোৱা বানপানীৰ বিষয়ে উল্লেখ কৰি প্ৰাকৃতিক দুৰ্যোগ যিহেতু যিকোনো সময়তে হ’ব পাৰে গতিকে সংশ্লিষ্ট সকলোকে এই সময়ছোৱাত সদাপ্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে বিভিন্ন বিভাগৰ কাৰ্যপন্থা সমৰ্কত বিভিন্ন পৰামৰ্শ আগবঢ়ায়। গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি অহা চাৰিদিনত ৰাজ্যখনৰ দক্ষিণ আৰু পশ্চিম অঞ্চলত হ’ব পৰা ধাৰাসাৰ বৰষুণৰ বাবে সষ্টম হৈ থাকিবলৈও তেওঁ সকলোকে আহ্বান জনায়। জলসম্পদ বিভাগক অন্যান্য অঞ্চলৰ লগতে বিশেষভাৱে বৰাক উপত্যকাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে। তদুপৰি শস্য বীমাকৰণ নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়াৰ উপৰি বান প্ৰস্তুতিৰ ক্ষেত্ৰত নগৰ আৰু গাঁও দুয়োটা ক্ষেত্ৰক সমান গুৰুত্ব প্ৰদানেৰে পৰিকল্পনা কৰিবলৈ সকলোকে আহ্বান জনায়। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থকা বুলি উল্লেখ কৰি মুখ্য সচিবগৰাকীয়ে সংশ্লিষ্ট সকলোকে আগন্তুক তিনি-চাৰি মাহত দায়বদ্ধতাৰে পৰস্পৰৰ মাজত সংযোগ ৰাখি পাৰদৰ্শিতা আৰু সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়াবলৈ প্ৰস্তুত থাকিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.