ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰে মত বিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে

0 264

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি টেলিফোনযোগে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় কৰে। তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে  মংগলৰ কামনা কৰে।
 
 
মুখ্যমন্ত্ৰীয়ে কয় যে এইসকল লোকক সমাজৰ প্ৰতিজন মানুহেই শ্ৰদ্ধাৰ কৰে। এইসময়তো তেওঁলোকে যেনেধৰণৰে নিজকে ঘৰতে ৰাখি জনসচেতনতাৰ সৃষ্টি কৰিছে এইক্ষেত্ৰত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। বৰ্তমান পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপসমূহ বিশিষ্ট ব্যক্তিসকলৰ আগত অৱগত কৰে।
 
 
মুখ্যমন্ত্ৰীয়ে আজিৰ মত বিনিময় কৰা ব্যক্তিসকল হৈছে ক্ৰমে অসীম কুমাৰ দত্ত, উপহাস কুলকাৰ্নী, ডাঃ উমেশ শৰ্মা, বশিষ্ঠ বুজৰবৰুৱা, গৌৰীশংকৰ চক্ৰৱৰ্তী, নন্দলাল নাথ, মাণিক চন্দ্ৰ দাস, ৰাজু মল্লিক, হৰি মুন্ধা, সঞ্জয় কুমাৰ দেৱ, মনোৰঞ্জন প্ৰধান, হেমন্ত ধিং মজুমদাৰ, সুনীতা হালদেকৰ, ভৱেন শইকীয়া, সুৰেন্দ্ৰ তালখেদকৰ, আৰু ভৰত কুমাৰ।

Leave A Reply

Your email address will not be published.