মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি অসমৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৰাজ্য খনৰ পলিটেকনিক সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত মন্ত্ৰী গৰাকীয়ে প্ৰতিখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ সকলৰ পৰা তেওঁলোকৰ শিক্ষানুষ্ঠান সমুহৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন অভাৱ অভিযোগ সমুহৰ বিষয়ে বুজ লয়। মন্ত্ৰী গৰাকীয়ে বৈঠকত উল্লেখ কৰে যে প্ৰতিখন শিক্ষানুষ্ঠানৰ আন্তঃগাঠনি, প্ৰবক্তা সকলৰ খালি পদ পুৰণকে ধৰি বিভিন্ন সমস্যা সমুহ পৰ্য্যায়ক্ৰমে সমাধান কৰা হব। তেওঁ প্ৰতিগৰাকী অধ্যক্ষক তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠান সমুহক সন্মুখৰ পৰা নেতৃত্ব দি আগুৱাই লৈ যাৱলৈ আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে যিকোনো অভাৱ অভিযোগ থাকিলে অধ্যক্ষ সকলে বিনা দ্বিধাই পোনপতীয়াকৈ তেওঁক অৱগত কৰিবলৈ কয়। ইয়াৰ উপৰিও তেওঁ প্ৰতিখন শিক্ষানুষ্ঠানক হৰ ঘৰ ত্ৰিৰংগা উৎসৱত অংশগ্ৰহণ তথা ছাত্ৰ-ছাত্ৰী সকলক এই ক্ষেত্ৰত উৎসাহিত কৰিবলৈ উল্লেখ কৰে। আজিৰ এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ আযুক্ত সচিব এম এচ মনিভন্নন, সচিব বনশ্ৰী নাথ, কাৰিকৰি শিক্ষা বিভাগৰ সঞ্চালক ধ্ৰুৱজ্যোতি বৰা উপস্থিত থাকে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান