ৰাণীত ১৭৫ চি আৰ পি এফ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ

0 237

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয় চৌহদত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অখিল ভাৰতীয় টেৰাপন্থ যুৱক পৰিষদৰ এ বি টি ওৱাই পি সৌজন্যত ১৭ ছেপ্টেম্বৰত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।।শিবিৰটো উদ্ধোধন কৰে ১৭৫ চি.আৰ.পি.এফ বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডেণ্ট কে.এল ধীমানে। চমু ভাষণত কে এল ধীমানে বাহিনীটোৱে বিগত সময়চোৱাত কৰা জনহিতকৰ কাম-কাজৰ এক চমু খতিয়ান দাঙি ধৰে। অনুষ্ঠানত এ বি টি ওৱাই পিৰ সঞ্চালক মনীষ ভাঞ্চালীকে ধৰি কেবাজনো কৰ্মকর্তা, চিকিৎসক, চিকিৎসা কর্মী, ১৭৫ চি.আৰ.পি.এফ বেটেলিয়ানৰ ডেপুটী কমাণ্ডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তবকে ধৰি কেবাজনো বিষয়া, ডাঃ দীপ্তিকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে শিবিৰত চি আৰ পি.এফৰ ১৫ জন জোৱানে ৰক্তদান কৰে।

Leave A Reply

Your email address will not be published.