কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয় চৌহদত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অখিল ভাৰতীয় টেৰাপন্থ যুৱক পৰিষদৰ এ বি টি ওৱাই পি সৌজন্যত ১৭ ছেপ্টেম্বৰত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।।শিবিৰটো উদ্ধোধন কৰে ১৭৫ চি.আৰ.পি.এফ বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডেণ্ট কে.এল ধীমানে। চমু ভাষণত কে এল ধীমানে বাহিনীটোৱে বিগত সময়চোৱাত কৰা জনহিতকৰ কাম-কাজৰ এক চমু খতিয়ান দাঙি ধৰে। অনুষ্ঠানত এ বি টি ওৱাই পিৰ সঞ্চালক মনীষ ভাঞ্চালীকে ধৰি কেবাজনো কৰ্মকর্তা, চিকিৎসক, চিকিৎসা কর্মী, ১৭৫ চি.আৰ.পি.এফ বেটেলিয়ানৰ ডেপুটী কমাণ্ডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তবকে ধৰি কেবাজনো বিষয়া, ডাঃ দীপ্তিকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে শিবিৰত চি আৰ পি.এফৰ ১৫ জন জোৱানে ৰক্তদান কৰে।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ